Menu

ANJAN DUTTA

header photo

Anjan Dutta's Literary Activities

Anjan Dutta was also known as a creative writer. He started his literary activities in his school days as the editor of a monthly magazine named ‘Anubhuti’. He expressed his literary interests by writing various articles in several newspapers and magazines. His ‘Anubhuti’ magazine, published in 1972 continued for more than ten years. He took charge as the secretary  of Rongpur Sahitya Sabha during the time of ‘Assam movement’. He had been a life-time member of ‘AsomSahitya Sabha’ since 1980 till his death. Inspite of being  a successful businessman and honoured politician, he had great interest in literature. He was the owner and Managing Editor of an Assamese daily newspaper ‘AjirDainikBatori’. In 2007, he started the Sunday supplement  ‘DeuboriaAnubhuti’  for the newspaper. Anjan Dutta wrote a series of editorials in ‘DeuboriaAnubhuti’ and   the collection was published as a book  -‘SamayeKubaiJaai’. Second part of the book was also published and gaining mass popularity. Of late, ‘MahekiyaAnubhuti’ is being published monthly since April, 2013 of which he was the editor. He had been writing a series of articles ‘EriOhaDinbur’ regularly in this magazine. 

 

সাহিত্যৰ ক্ষেত্ৰখনত অঞ্জন দত্ত

মৃতপ্ৰায় অসম ৰাজ্যিক পৰিৱহণ নিগম আৰু অসম চাহ নিগমক পুনৰুজ্জীৱিত কৰি সফল মন্ত্ৰী হিচাপে সকলো শ্ৰেণীৰ লোকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা অঞ্জন দত্তৰ লেখক হিচাপেও আছিল বিশেষ পৰিচিতি । ১৯৫২ চনৰ ১৩ এপ্ৰিলত ঐতিহ্যমণ্ডিত শিৱসাগৰৰ দ’লমুখ গায়েন গাঁৱত জন্মগ্ৰহণ কৰা অঞ্জন দত্তই স্কুলীয়া দিনতে 'অনুভূতি' নামৰ এখন আলোচনী সম্পাদনা কৰি তথা নামে ছদ্মনামে 'অনুভূতি'ৰ উপৰি বিভিন্ন কাকত-আলোচনীত লিখি সাহিত্যৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰিছিল । ১৯৭২ চনত প্ৰথম প্ৰকাশ হোৱা ‘অনুভূতি’ দহ বছৰৰো অধিক কাল একেৰাহে প্ৰকাশ পাইছিল । অসম আন্দোলনৰ সময়ত শিৱসাগৰৰ ৰংপুৰ সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব পালন কৰা অঞ্জন দত্ত ১৯৮০ চনতেই অসম সাহিত্য সভাৰ আজীৱন সদস্যও হৈছিল । জীৱনৰ স্বাভাৱিক গতিয়ে আনি দিয়া পৰিৱৰ্তন স্বীকাৰ কৰি তেওঁ প্ৰথমে ব্যৱসায় আৰু পাছলৈ ৰাজনীতিত ওতপ্ৰোতভাৱে জড়িত হোৱাৰ পাছত ২০০৬ চনৰ শেষভাগত পুনৰ ঘটনাক্ৰমে সাহিত্য আৰু সংবাদক্ষেত্ৰখনলৈ প্ৰত্যাৱৰ্তন কৰিছিল । মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী অঞ্জন দত্তই নিৰ্বাচনত অপ্ৰত্যাশিত পৰাজয়বৰণ কৰাৰ পাছত ‘আজিৰ দৈনিক বাতৰি’ৰ স্বত্বাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু ২০০৭ চনৰ আৰম্ভণিৰেপৰা কাকতখনৰ দেওবৰীয়া পৰিপূৰিকাখন ‘দেওবৰীয়া অনুভূতি’ নাম দি নতুন ৰূপত সম্পাদনা কৰিবলৈ লৈছিল । ব্যতিক্ৰমী চিন্তাৰে প্ৰতিটো সংখ্যাকে বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি ‘দেওবৰীয়া অনুভূতি’ক জাকত জিলিকা কৰি তুলিবলৈ সক্ষম হোৱা অঞ্জন দত্তই আৰম্ভণিৰেপৰা আলোচনীখনত এলানি মননশীল সম্পাদকীয় লিখিছিল ।এই সম্পাদকীয়খিনি একত্ৰিত কৰি ‘সময়ে কোবাই যায়’ নামৰ এখন গ্ৰন্থ ইতিপূৰ্বে প্ৰকাশ কৰাৰ পিছত ২০১১ আৰু ২০১২ চনত লিখা সম্পাদকীয়খিনিও একত্ৰিত কৰি ‘সময়ে কোবাই যায় (দ্বিতীয় খণ্ড)’ ইতিমধ্যে প্ৰকাশ কৰা হৈছে । ইয়াৰে প্ৰথমখন ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান 'আঁক-বাঁক'-এ আৰু দ্বিতীয়খন ‘ভৱানী বুকছ’-এ প্ৰকাশ কৰিছে ।তেওঁ পঢ়ুৱৈৰদ্বাৰা বিশেষভাৱে সমাদৃত ‘মাহেকীয়া অনুভূতি’ৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল । ‘দেওবৰীয়া অনুভূতি’ ২০০৭ চনৰ আৰম্ভণিৰপৰা ২০১২ চনৰ শেষলৈকে প্ৰকাশ পোৱাৰ পিছত পঢ়ুৱৈৰ আস্থা আৰু সঁহাৰিক সাৰথি কৰি দেওবৰীয়া পৰিপূৰিকাখনক পূৰ্ণাংগ আলোচনীৰ ৰূপ দিয়া হয় আৰু সেইখনেই ‘মাহেকীয়া অনুভূতি’ নামেৰে ২০১৩ চনৰ এপ্ৰিল মাহৰপৰা প্ৰকাশ পাই আছে । আলোচনীখনত ‘এৰি অহা দিনবোৰ’ শীৰ্ষক এটি শিতানো নিয়মীয়াকৈ অঞ্জন দত্তই লিখিছিল ।