Menu

ANJAN DUTTA

header photo

blog post

July 6, 2015

বিসম্বাদৰ সন্দেহত শইকীয়াদেৱে মন্ত্ৰিত্ব নিদিছিল, ৰাজনৈতিক ভৱিষ্যতৰ কথা নাভাবি সিদ্ধান্ত লৈছিলো:

১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত যুৱ কংগ্ৰেছৰ ২১ জনকৈ প্ৰতিনিধিয়ে প্ৰাৰ্থিত্ব লাভ কৰা আৰু ইয়াৰে ১৩ জনেই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সকলোৱে ধৰি লৈছিল --- প্ৰদেশ যুৱ কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমানখিনি যুৱনেতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তথা বিজয়ী হোৱাৰ বাবে পুৰস্কাৰ হিচাপে আমি হিতেশ্বৰ শইকীয়াদেৱৰ মন্ত্ৰীসভাত স্থান পামেই। আমিও মনে মনে প্ৰায় নিশ্চিত হৈ আছিলো যদিও মূৰকত যুৱ কংগ্ৰেছৰ একাধিক জিলা পৰ্যায়ৰ নেতাক মন্ত্ৰিত্ব দিয়াৰ পিছতো আশ্চৰ্যজনকভাৱে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হোৱা সত্ত্বেও শইকীয়াদেৱে আমাক মন্ত্ৰীসভাত স্থান নিদিলে। আমি আচৰিত হোৱাৰ লগতে কিছু অপমানিতবোধো কৰিলো। আমাক মন্ত্ৰীসভাত স্থান নিদিয়াক লৈ সতীৰ্থসকলো আচৰিত হৈছিল আৰু কিছু পৰিমাণে অসন্তুষ্ট হৈছিল। তেওঁলোকৰ বাবে সমগ্ৰ পৰিৱেশটো স্বাভাৱিকতেই অস্বস্তিকৰ হৈ পৰিছিল। এহাতে আশা নকৰাকৈয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে টিকট লাভ, নিৰ্বাচনত জয় লাভ আৰু মন্ত্ৰিত্ব লাভৰ আনন্দ আৰু আনহাতে আমাক মন্ত্ৰিত্ব নিদিয়াৰ বাবে অসন্তুষ্টি। এনে অৱস্থাত কি কৰা উচিত সেই সিদ্ধান্ত সহজে লোৱাটো সম্ভৱ নহয় যদিও শপত গ্ৰহণৰ দিনা পুৱা সতীৰ্থ গৌতম বৰাই মন্ত্ৰিত্বৰ শপত নলয় বুলি জনাই দিলে। আমাৰ যুৱ কংগ্ৰেছী সতীৰ্থসকল প্ৰতিবাদ কৰিবলৈও সাজু হ’ল। আজিৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত কোন নেতাই কি কৰিলেহেঁতেন নাজানো, আমি কিন্তু সতীৰ্থসকলক এইক্ষেত্ৰত উৎসাহিত কৰিব নোৱাৰিলো। কিয়নো কংগ্ৰেছ দলত ভাঙোন হোৱাটো আমি কোনো কাৰণত বিচৰা নাছিলো। গৌতম বৰাৰ উপস্থিতিৰ কথা জানি মন্ত্ৰিত্বৰ বাছনিত নুঠা সেই সময়ৰ দুজন সতীৰ্থ বিধায়ক তথা বৰ্তমানৰ জ্যেষ্ঠ নেতা আমাৰ ঘৰলৈ ঢপলিয়াই আহিছিল আৰু গৌতম বৰাক মন্ত্ৰিত্বৰ শপত ন’লবলৈ একপ্ৰকাৰ প্ৰৰোচিত কৰিছিল। মন্ত্ৰিত্ব নোপোৱাৰ ক্ষোভত আমিও এই কামত সহযোগ কৰিম বুলি তেওঁলাকে আশা কৰিছিল যদিও আমি গৌতম বৰাক মন্ত্ৰিত্বৰ শপত ল’বলৈহে বুজনি তথা জোৰ দিলো। অৱশেষত গৌতম বৰা মান্তি হ’ল। হিতেশ্বৰ শইকীয়াদেৱে কি কাৰণত আমাক মন্ত্ৰীসভাত স্থান নিদিলে সেয়া অস্পষ্ট হৈয়ে আছিল আৰু মনে মনে থিৰাং কৰিছিলো যে বিষয়টোক লৈ অনুমানৰ ভিত্তিত আলোচনা-বিলোচনা কৰি থকাতকৈ তেওঁক ইয়াৰ কাৰণটো পোনপটীয়াকৈয়ে সুধিম। আমাৰ এই পোনপটীয়া আৰু স্পষ্টবাদী স্বভাৱটো বিভিন্ন সময়ত বিভিন্নজনৰ অপ্ৰিয় হোৱাৰ অন্যতম কাৰণ যদিও ভোজমেললৈ গৈয়ে আমি শইকীয়াদেৱক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিলো--- ‘‘মোক আপুনি কিবা কথাত বেয়া পাই মন্ত্ৰীসভাত স্থান দিয়া নাই নে যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে সাংগঠনিক কাম-কাজত ব্যস্ত থাকিবলগীয়া হ’ব বাবে মন্ত্ৰীসভাত লোৱা নাই?”  শইকীয়াদেৱো আছিল স্পষ্টবাদী। তেওঁ আমাক পোনপটীয়াভাৱে কৈছিল --- ‘‘তোমাক বেয়া পাই মন্ত্ৰীসভাত লোৱা নাই।” আমাৰ বাবে এই উত্তৰটো আছিল অনাকাংক্ষিত। আমি শইকীয়াদেৱক বেয়া পোৱাৰ কাৰণটো জনাবলৈ অনুৰোধ জনালো। শইকীয়াদেৱেও স্পষ্ট ভাষাৰে ক’লে--- ‘‘তুমি মোৰ বিৰুদ্ধে বিসম্বাদত লিপ্ত হৈছা। মোৰ সলনি কেশৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ তোমাৰ ঘৰত মিটিং পতাৰ কথাও মই জানো।” শইকীয়াদেৱৰ কথা শুনি আমাৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হ’ল। আমাৰ বুজিবলৈ বাকী নাথাকিল যে কোনোবাই আমাৰ বিৰুদ্ধে শইকীয়াদেৱক কথা লগাইছে আৰু তেওঁক ভুল পথেৰে পৰিচালিত কৰিছে। শইকীয়াদেৱে তেওঁলোকৰ কথা সহজতে বিশ্বাস কৰাৰ কাৰণ এটাও নথকা নহয়। আমি যুৱ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ সময়ত গুৱাহাটীত আমাৰ কোনো স্থায়ী ঠিকনা নাছিল। অৰ্থাৎ থাকিবলৈ ঘৰ নাছিল। ইপিনে কেশৱ গগৈদেৱৰ গুৱাহাটীত স্থায়ী ঘৰ আছিল আৰু সেয়ে তেওঁৰ বিধায়ক আৱাসটো খালী হৈ এনেয়ে পৰি আছিল। আমি আমাৰ সমস্যাৰ বিষয়ে অৱগত কৰি অনুৰোধ কৰাত তেওঁ সেই আৱাসটো ব্যৱহাৰৰ অনুমতি দিছিল। নিৰ্বাচনত জয়লাভ কৰাৰ পিছতো আমি সেই আৱাসটোতে আছিলো আৰু সেয়ে সকলোৱে কেশৱ গগৈৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি ধৰি লৈছিল। যিহেতু কেশৱ গগৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সেয়ে ৯১ চনতো তেওঁ মুখ্যমন্ত্ৰিত্বৰ দাবীদাৰ আছিল। ইপিনে হিতেশ্বৰ শইকীয়াদেৱৰ নতুন মন্ত্ৰীসভাত আমাকে ধৰি যুৱ বিধায়কক মন্ত্ৰিত্ব দিব লাগে বুলি এখন স্মাৰকপত্ৰ সাজু কৰি আমাৰ ঘৰত, অৰ্থাৎ কেশৱ গগৈৰ নামত আবণ্টিত বিধায়ক আৱাসত নৱনিৰ্বাচিত যুৱ বিধায়কসকল একলগ হৈছিল। আমি সেই স্মাৰকপত্ৰত চহী কৰা নাছিলো আৰু মন্ত্ৰীসভাত স্থান দিয়া-নিদিয়াটো মুখ্যমন্ত্ৰীৰ এক্তিয়াৰৰ ভিতৰত বুলি তেওঁলোকক বুজনি দিছিলো। এই ঘটনাটোকে ৰহণ সানি প্ৰদেশ যুৱ কংগ্ৰেছৰ সেই সময়ৰ দুজন সম্পাদকে শইকীয়াদেৱক ভুলকৈ বুজাবলৈ চেষ্টা কৰিছিল। যি দুজন সতীৰ্থই এইদৰে শইকীয়াদেৱক কথা লগাইছিল তেওঁলোক বহুদিন ধৰি আমাৰ লগত সেই একেটা ঘৰতে আছিল। নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমি যেতিয়া গুৱাহাটীলৈ পৰিয়াল অনাৰ সিদ্ধান্ত ল’লো আৰু তেওঁলোকক থকাৰ বিকল্প ব্যৱস্থা কৰিবলৈ ক’লো তেতিয়া তেওঁলোকে আমাক বেয়া পালে আৰু ইমানদিনৰ ভাল সম্পৰ্কৰ কথা মুহূৰ্ততে পাহৰি আমাৰ বিৰুদ্ধাচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। সি যি কি নহওক, শইকীয়াদেৱৰ মুখত আমাক মন্ত্ৰীসভাত স্থান নিদিয়াৰ কাৰণটো শুনি গোপীনাথ দাস, মহিবুল হক, চন্দন সৰকাৰকে ধৰি কে’বাজনো সতীৰ্থ প্ৰতিবাদমুখৰ হৈ উঠিল। তেওঁলোকে শইকীয়াদেৱক স্পষ্টকৈ ক’লে--- “অঞ্জন দত্তৰ ঘৰত তেনে ধৰণৰ কোনো বিসম্বাদী কাৰ্যকলাপ চলা নাই। তেওঁক মন্ত্ৰীসভাত স্থান দিব লাগে বুলি আমিহে এখন স্মাৰকপত্ৰ সাজু কৰি তেওঁৰ ঘৰলৈ গৈছিলো। সেইখনতো তেওঁ চহী কৰা নাছিল। আমাৰ আলোচনাত কেশৱ গগৈৰ নামেই ওলোৱা নাই, তেওঁক মুখ্যমন্ত্ৰী পাতিবলৈ বিসম্বাদ কৰা দূৰৰ কথা।” শইকীয়াদেৱৰ ভুল ভাগিল। তেওঁ আমাক বেয়া নাপাবলৈ ক’লে আৰু তেওঁক যে কোনোবাই ভুলকৈ বুজাইছিল সেই কথা স্বীকাৰ কৰিলে। লগতে কম দিনৰ ভিতৰতে মন্ত্ৰীসভাত স্থান দিয়া হ’ব বুলি কথা দিলে। আমি শইকীয়াদেৱক ক’লো তেওঁ যেন সাংবাদিকৰ আগত আমি যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে সাংগঠনিক কামত ব্যস্ত থাকিব লাগিব বাবেহে মন্ত্ৰীসভাত আমাক লোৱা নাই বুলি কয়। তেওঁ মান্তি হল আৰু প্ৰেছৰ সন্মুখত আমি কোৱাৰ দৰেই ক’লে। আমিও একে উত্তৰকে দিছিলো। এই ঘটনাৰ দহ মাহ পিছতে হিতেশ্বৰ শইকীয়াদেৱে আমাক তেওঁৰ মন্ত্ৰীসভাত স্থান দিলে। আমাক বেয়া পাই মন্ত্ৰীসভাত স্থান দিয়া নাই বুলি ক’ব পৰাকৈ থকা সৎসাহস আৰু স্পষ্টবাদিতা, নিজৰ ভুল স্বীকাৰ কৰি আমাৰ দৰে কনিষ্ঠজনকো ‘বেয়া নাপাবা’ বুলি ক’ব পৰাকৈ থকা উদাৰ মনোভাব আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি দহ মাহ পিছতে আমাক মন্ত্ৰীসভাত স্থান দিয়া বিশ্বাসযোগ্যতাৰ বাবেই হিতেশ্বৰ শইকীয়াদেৱ আজিও নেতা হিচাপে আমাৰ মনত ঢুকি নোপোৱা সুউচ্চ শিখৰতে আছে। প্ৰথমবাৰ বিধায়ক হৈয়ে মন্ত্ৰিত্ব লাভ কৰাৰ পিছত আমি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰপৰা অব্যাহতি বিচাৰি শইকীয়াদেৱৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিলো। দেউতা প্ৰয়াত থানেশ্বৰ দত্তদেৱ এক ব্যক্তি এক পদ নীতিত বিশ্বাসী আছিল আৰু দেউতাক দিয়া কথা ৰাখিয়েই আমি মন্ত্ৰিত্ব লাভৰ পিছত এইদৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিছিলো আৰু উপসভাপতি জীৱন কলিতাক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিছিলো। পিছে দলৰ হাইকমাণ্ডে আমাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল আৰু দুয়োটা কাম একেলগে চলাই থাকিবলৈ কৈছিল। যদিও আমি সভাপতি পদত বাহাল থাকিলো, অনানুষ্ঠানিকভাৱে এই দায়িত্ব পালন কৰিছিল সতীৰ্থ জীৱন কলিতাই।

            নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ভাবি আপোছৰ মনোভাবেৰে কাম কৰা মানুহ আমি আগেও নাছিলো, এতিয়াও নহয়। ৰাজনীতিৰ সৈতে জড়িত লোকসকল সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। ৰাজনৈতিক নেতাসকলৰ ব্যক্তি আৰু সমাজৰ প্ৰতি ভাল পোৱা থাকিব লাগিব আৰু তেওঁলোকৰ নিজস্ব দৃষ্টিভংগী থকা উচিত। তদুপৰি ৰাজনৈতিক দল এটা, বিশেষকৈ কংগ্ৰেছৰ দৰে বিশাল ব্যাপ্তি থকা সৰ্বভাৰতীয় ৰাজনৈতিক দল এটা সুস্থিৰভাৱে চলি থাকিবলৈ হ’লে দলটোৰ নেতা-কৰ্মীসকলে দলীয় অনুশাসন মানি চলিবই লাগিব। আমি এই মতত বিশ্বাসী। সেয়ে সুদীৰ্ঘ ৰাজনৈতিক জীৱনত আমি সদায় বিবেকে দিক্ নিৰ্ণয় কৰি দিয়া পথেৰে খোজ দি আহিছো আৰু দ্বিধা, অস্পষ্টতাৰ বিপৰীতে স্পষ্ট মত পোষণ কৰি আহিছো। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈ থাকোতেও দলীয় নীতি-আদৰ্শ আৰু অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব দিছিলো আৰু এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হোৱাৰ পিছতো একে ধৰণে কাম কৰিবলৈ চেষ্টা কৰিছো। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈ থাকোতে গ্ৰহণ কৰা দুটামান সিদ্ধান্ত অথবা পদক্ষেপৰ কথা উল্লেখ কৰিলে কথাষাৰ নিশ্চয় স্পষ্ট হ’ব। প্ৰায় ২৫ বছৰৰ পিছত কেতিয়াবা আত্মজীৱনীমূলক লেখা লিখিম আৰু তাত এই সিদ্ধান্ত অথবা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি নিজৰ ভাবমূৰ্তি উজ্জ্বল কৰিম বুলি পৰিকল্পনা কৰি নিশ্চয় সেই সময়ত এই সিদ্ধান্তবোৰ লোৱা নাছিলো।

            যি সময়ত আলফাই কংগ্ৰেছৰ নেতা-কৰ্মীসকলক শত্ৰুজ্ঞান কৰি জধে-মধে গুলীয়াই মাৰিছিল, সেই সময়তে আমি চৰকাৰৰ সৈতে আলফাৰ শান্তি আলোচনাৰ পোষকতা কৰিছিলো আৰু এই আলোচনাৰ স্বাৰ্থত আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছিলো। অসমখনক আৰু অসমীয়া মানুহখিনিক অন্তৰেৰে ভাল পাওঁ আৰু অসমীয়া মানুহৰ তেজেৰে জননীৰ সেউজীয়া বুকু ৰাঙলী হোৱাটো নিবিচাৰো বাবেই আমি আমাৰ অন্যায় কৰা সত্ত্বেও আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছিলো আৰু শান্তি আলোচনাৰ পোষকতা কৰিছিলো। কংগ্ৰেছী হ’লেই মানুহৰ মনত জাতীয়তাবোধ নাথাকিব বুলি ভবাটো ভুল।

            প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে এবাৰ শিলচৰলৈ গৈছিলো। সেই ভ্ৰমণকালতে অসহযোগিতাৰ বাবে যেতিয়া কাছাৰৰ যুৱ কংগ্ৰেছৰ জিলা সভাপতিজনক অপসাৰণ কৰাৰ সিদ্ধান্ত ল’লো, তেতিয়া সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাকৰ শক্তিশালী কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱ আৰু হাইলাকান্দিৰ কংগ্ৰেছ বিধায়ক গৌতম ৰয় জাঙুৰ খাই উঠিল। তেওঁলোকে আমাক প্ৰত্যাহ্বান জনাই ঘোষণা কৰিলে যে যদি যুৱ কংগ্ৰেছৰ সেই জিলা সভাপতিজনক অপসাৰণ কৰা হয় তেনেহ’লে আমাক শিলচৰতে আবদ্ধ কৰি ৰাখিব। তেনে ধৰণৰ হুমকিত পিছ হুঁহকি অহা মানুহ আমি তাহানিও নাছিলো আৰু আজিও নহয়। সেয়ে ভয়ত কম্পমান হোৱাৰ সলনি আমি আৱৰ্ত ভৱনলৈ গৈছিলো আৰু তেওঁলোকক পোনপটীয়াভাৱে  প্ৰশ্ন কৰিছিলো---- “যুৱ কংগ্ৰেছৰ সাংগঠনিক দিশত হস্তক্ষেপ কৰিবলৈ আপোনালোক কোন ? যুৱ কংগ্ৰেছলৈ আপোনালোকৰ অৱদান কি? লগতে “কাইলৈৰ ভিতৰতে যুৱ কংগ্ৰেছৰ জিলা সভাপতিগৰাকীক অপসাৰণ কৰি আছো বুলি” কৈ তেওঁলোকক ওলোটাই প্ৰত্যাহ্বান জনাইছিলো। পিছদিনা কথামতেই যুৱ কংগ্ৰেছৰ সেই জিলা সভাপতিগৰাকীক অপসাৰণ কৰি পাৰ্থ চক্ৰৱৰ্তীক তেওঁৰ স্থলাভিষিক্ত কৰিছিলো। কাছাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সভা পাতি, প্ৰেছৰ সন্মুখত নতুন সভাপতিৰ নাম ঘোষণা কৰিছিলো। আমি আপোছৰ মনোভাবেৰে আৰু কাৰোবাৰ চাপত কাম নকৰাৰ বাবে কিছু নেতাৰ অপ্ৰিয় হৈছিলো যদিও তাক লৈ আমাৰ কোনো আক্ষেপ নাছিল।

            যোৰহাটতো অনুৰূপ ঘটনা এটা ঘটিছিল। সেই সময়ত যোৰহাট যুৱ কংগ্ৰেছৰ সভাপতি আছিল প্ৰাক্তন সাংসদ, বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি তথা মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ ভাতৃ দীপ গগৈ। আমি আলফাৰ হত্যালীলাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ তৰফৰপৰা যোৰহাটত এক প্ৰতিবাদী সমদল উলিয়াবলৈ দীপ গগৈক কৈছিলো যদিও তেওঁ এই ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছিল। সহজ-সৰল দীপ গগৈয়ে নব্বৈৰ সেই ভয়াৱহ সময়ত আলফাৰ বিৰুদ্ধে সমদল উলিয়াবলৈ সাহ কৰা নাছিল। আমি নিজে আগভাগ লৈ চাৰিজন মুক্তিযোদ্ধাক সন্মুখত ৰাখি প্ৰায় তিনিশমান মানুহৰ এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিলো। এই সমদলত দীপ গগৈয়েও অংশ লৈছিল যদিও আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দীপ গগৈক যুৱ কংগ্ৰেছৰ জিলা সভাপতি পদৰপৰা অপসাৰণ কৰিছিলো। সেই সময়ত দীপ গগৈৰ জ্যেষ্ঠ ভাতৃ তৰুণ গগৈদেৱ আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি। আমাক বহুতেই এই বুলি কৈছিল যে দীপ গগৈক অপসাৰণ কৰিলে তৰুণ গগৈদেৱ অসন্তুষ্ট হ’ব আৰু ই আমাৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব। আমি পিছে কথাটো তেনেকৈ ভবা নাছিলো। পৰৱৰ্তী সময়ত তৰুণ গগৈদেৱে বহল মনৰেই পৰিচয় দিছিল যদিও সেয়া এটা Political risk নাছিল বুলি ক’ব নোৱাৰি।

Go Back

Comment