Menu

ANJAN DUTTA

header photo

মাৰ ফালৰ ককা কাশীনাথ শইকীয়া আছিল অসমত বিদ্যুৎ উদ্যোগৰ পথিকৃত্

August 11, 2015

আমাৰ জীৱনক বিশেষভাৱে প্রভাৱিত কৰা বাবা মামাৰ প্রসংগই আমাক আৰু এজন মানুহৰ কথা বৰকৈ মনত পেলাই দিছে৷প্রকৃততে জীৱনৰ পাঠশালাত আমাৰ প্রথমজন শিক্ষক আছিল দেউতা প্রয়াত থানেশ্বৰ দত্ত৷ক’বলৈ গ’লে দেউতাৰ হাতত ধৰিয়েই আমি জীৱনৰ আদবয়স পাৰ কৰিছিলো৷ দেউতা আছিল আমাৰ বাবে এটা অনুকৰণীয় আদর্শ৷ দেউতাই প্রথম অৱস্থাত ব্যৱসায় আৰু পিছৰ ফালে ৰাজনীতিত মনোনিৱেশ কৰিছিল৷ আমিও দেউতাই কাটি দিয়া সেই বাটেৰেই আগবাঢ়িছিলো৷ প্রথম অৱস্থাত ব্যৱসায় কৰাৰ পিছত আমি পিছৰ ফালে সক্রিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিলো৷ এইক্ষেত্রত আমাৰ অনুপ্রেৰণা হিচাপে আৰু এজন ব্যক্তিৰ বিমূর্ত উপস্থিতি আমি অনুভৱ কৰিছিলো৷ সেইজন হৈছে আমাৰ মাৰ ফালৰ ককা প্রয়াত কাশীনাথ শইকীয়া৷ আমি সৰু থাকোতেই ককাৰ মৃত্যু হৈছিল৷ সেয়ে ককাক বৰ বেছি দিন কাষৰপৰা পোৱাৰ সৌভাগ্য হোৱা নাছিল আমাৰ৷ মাৰ ফালৰ বাবে এনেও কমকৈ লগ পাইছিলো৷এনেবোৰ কাৰণতে ১৯৬২ চনতে মৃত্যু হোৱা ককাৰ মুখখনো আমাৰ এতিযা স্পষ্টকৈ মনত নাই৷ ককাৰ প্রসংগ ওলালে এতিয়া কেৱল ধূঁৱলী-কুঁৱলী এখন ছবিহে আমাৰ মনলৈ আহে৷ শৈশৱ আৰু কৈশোৰত মাহঁতৰ মুখত ককাৰ কাহিনী শুনি আমি ৰোমাঞ্চিত হৈছিলো, বুজি পোৱা বয়সত ককা আমাৰ বাবে হৈ পৰিছিল সমনীয়াৰ আগত বুকু ফিন্দাই দিব পৰা এটা পৰিচয়৷সময়ৰ পাকচক্রত পৰি জীৱনৰ শেষ বয়সত ককা সর্বস্বান্ত হৈছিল হেনো, গুৱাহাটীৰ ৰাজপথত ছিগা ছেণ্ডেল পিন্ধি খোজ কাঢ়ি ফুৰিবলগীয়া হৈছিল এসময়ত পৰিপাটিকৈ চাহাবী পোছাক পিন্ধা মানুহজন৷এয়াও যেন এক ইতিকথা৷প্রয়াত বেথাৰাম শইকীয়া আছিল যোৰহাটৰ নাওবৈচা গাঁৱৰ এজন প্রতিপত্তিশীল লোক৷ শালমৰা মৌজাৰ মৌজাদাৰ বেথাৰাম শইকীয়াক ব্রিটিছ চৰকাৰে ‘ৰায়বাহাদুৰ’ উপাধি দিছিল৷ তেওঁ তিনিগৰাকী পত্নীৰ পাণিগ্রহণ কৰিছিল৷ প্রথমগৰাকী পত্নীৰ চাৰিজন ল’ৰা৷যথা— প্রয়াত ৰামেশ্বৰ শইকীয়া, প্রয়াত কেমন শইকীয়া, প্রয়াত কমল শইকীয়া আৰু প্রয়াত কাশীনাথ শইকীয়া৷দ্বিতীয়গৰাকী পত্নীৰ দুজন ল’ৰা৷যথা— প্রয়াত ৰাধানাথ শইকীয়া আৰু প্রয়াত ৰজনী শইকীয়া৷ সেইদৰে তৃতীয়গৰাকী পত্নীৰো দুজন ল’ৰা৷যথা— প্রয়াত কৃষ্ণনাথ শইকীয়া আৰু প্রয়াত কেশৱ শইকীয়া৷ প্রয়াত বেথাৰাম শইকীয়াৰ এগৰাকী ভাতৃ প্রয়াত সাধিৰাম শইকীয়াৰ দুজন পুত্র ক্রমে প্রয়াত বদন শইকীয়া আৰু প্রয়াত বিপিন শইকীয়া৷‘ৰায়বাহাদুৰ’ প্রয়াত বেথাৰাম শইকীয়াৰ প্রথম পুত্র প্রয়াত ৰামেশ্বৰ শইকীয়াৰ জীয়াৰী পুষ্পলতা দাসৰ বিষয়ে বহলাই কোৱাৰ প্রয়োজন নাই৷ মন্ত্রী, বিধায়ক, সাংসদ হোৱাৰ উপৰি তেওঁ আছিল এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্রামী৷পুষ্পলতা দাসৰ স্বামী অমিয় কুমাৰ দাসো আছিল এজন প্রখ্যাত গান্ধীবাদী৷প্রয়াত কেমন শইকীয়া আৰু প্রয়াত কমল শইকীয়া মৌজাদাৰ আছিল৷ কাশীনাথ শইকীয়াই ১৯২৩ চনতে যোৰহাটত স্থাপন কৰা বিদ্যুৎ সৰবৰাহ কোম্পানীত কমল শইকীয়াই সঞ্চালক হিচাপে কাম কৰিছিল৷প্রয়াত কমল শইকীয়াৰ কন্যা অঞ্জলী শইকীয়া (পিছলৈ অঞ্জলী দত্ত) আমাৰ মা৷‘ৰায়বাহাদুৰ’ বেথাৰাম শইকীয়াৰ টকাৰ অভাৱ নাছিল৷ সেয়ে ১৮৯৪ চনত জন্মগ্রহণ কৰা কাশীনাথ শইকীয়াই তাহানিয়ে সুদূৰ কলিকতালৈ গৈ পঢ়া-শুনা কৰিছিল৷ বেথাৰাম শইকীয়াৰ তত্ত্বাৱধানত তেওঁৰ আটাইকেইটা সন্তানেই উচ্চ শিক্ষিত হৈছিল৷মাহঁতৰ মুখত শুনা মতে, সেই কালতে হেনো ককাহঁতৰ আটাইকেইজন ভাই-ককাই গ্রেজুৱেট আছিল৷ তেওঁলোকৰ কে’বাগৰাকী নাতি-নাতিনীয়ে বর্তমান বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰিছে৷ কোনোবাজন যদি উচ্চপদস্থ চৰকাৰী বিষয়া, কোনোবাজন নাম কৰা ব্যৱসায়ী অথবা সাংবাদিক৷‘আছাম টকছ’ৰ এডিটৰ ইন চীফ অতনু ভূঞাও এনে এগৰাকী সুযোগ্য নাতি৷ স্কুলীয়া শিক্ষা যোৰহাটত সমাপ্ত কৰি কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৯১৩ চনতে বিজ্ঞানৰ স্নাতক হোৱাৰ পিছত ককা কাশীনাথ শইকীয়াই ৰেংগুনৰ এটা প্রখ্যাত কাগজকলত ৰসায়নবিদ হিচাপে চাকৰি কৰিছিল আৰু এসময়ত তেওঁ কাগজকলটোৰ মুখ্য ৰসায়নবিদ হৈছিল৷ সেই কালতে ৰসায়নবিদ হিচাপে এটা ‘পেটেণ্ট’ৰ স্বত্বাধিকাৰী হৈ ককাই ৭৭ হাজাৰ টকা উপার্জন কৰিছিল৷ আজিৰ তাৰিখত যে সেই টকাৰ মূল্য কে’বাকোটি টকা হ’ব, তাত সন্দেহ নাই৷ ৰেংগুনৰ কাগজকলত কাম কৰি থাকোতেই ককাই ইউৰোপ, আমেৰিকা আদিলৈ গৈছিল৷ জাপানতো বহুদিন থকা এই চহকী মানুহজনে হেনো এবাৰ ইংলেণ্ডৰ ক্রয়ডনৰপৰা পেৰিছলৈ যাওঁতে তাহানিয়ে উৰাজাহাজত উঠিছিল৷এনেদৰে উৰাজাহাজত উঠা ককা হেনো প্রথমজন অসমীয়া৷ এটা সময়ত ককা ঘৰলৈ উভতি আহিছিল আৰু বিদেশত অর্জন কৰা ধনেৰে গৃহজিলা যোৰহাটত অসমৰ প্রথমটো বিদ্যুৎ সৰবৰাহ কোম্পানী স্থাপন কৰিছিল৷এয়া ১৯২০ চনৰ কথা৷এই কর্মৰে তেওঁ প্রমাণ কৰি দিলে যে কাশীনাথ শইকীয়া এজন নামকৰা ৰসায়নবিদেই নহয়, এজন অগ্রণী উদ্যোগপতিও৷ বিদ্যুৎ সৰবৰাহ কোম্পানীটোৰ বাবে যন্ত্রপাতি আনিছিল কলিকতা আৰু লণ্ডনৰপৰা৷ বিজুলী বাতিৰ তাঁৰ আঁৰিছিল শালগছৰ খুঁটাত৷দুডাল তামৰ তাঁৰেৰে বিদ্যুৎ সৰবৰাহ কৰিছিল৷ বিজুলী বাতি থকা শালগছৰ খুঁটাবোৰত মানুহে সহজে ঢুকি নোপোৱাত একোটা ‘ছুইচ’ আছিল৷ কোম্পানীয়ে নিয়োগ কৰা এজন মানুহে সদায় গধূলি এখন চাইকেলেৰে আহি দীঘল হাঁকোটা এডালেৰে লাইটবোৰ জ্বলাই গৈছিল আৰু একেদৰেই পুৱাৰ ভাগত এটা এটাকৈ লাইটবোৰ নুমুৱাই গৈছিল৷বাহিৰত থাকোতে ককাই এই কথা ঠিকেই উপলব্ধি কৰিছিল যে সকলো উদ্যোগৰ বাবে প্রথম প্রয়োজন বিদ্যুৎ শক্তিৰ৷ সেয়ে তেওঁ অনেকে চাহ বাগিচা খুলিবলৈ দিয়া পৰামর্শলৈ পিঠি দি বিদ্যুৎ সৰবৰাহ কেন্দ্রহে স্থাপন কৰিছিল আৰু নানা প্রত্যাহ্বানৰ সন্মুখীন হৈও এই উদ্যোগটো চলাই নিছিল৷নিজৰ ঠাইখন আৰু ইয়াৰ মানুহখিনিৰ প্রতি যে ককাৰ আন্তৰিক দায়বদ্ধতা আছিল, সেই কথাৰ প্রমাণ পোৱা যায় উদ্যোগটোত কর্মী নিয়োগৰ বেলিকা৷বিদ্যুৎ সৰবৰাহ কেন্দ্রটোত তেওঁ বাহিৰৰ লোক নিয়োগ কৰাৰ সলনি নাওবৈচা, পটীয়াগাঁও, বৰিগাঁও আদিৰ বহু থলুৱা লোকক চাকৰি দিছিল৷ অসমৰ বিদ্যুৎ উদ্যোগৰ পথিকৃত কাশীনাথ শইকীয়া এটা সময়ত থমকি ৰ’বলৈ বাধ্য হৈছিল৷ তেওঁ প্রথমে কলিকতাৰ এটা কোম্পানীক উদ্যোগটো চলোৱাৰ দায়িত্ব দিয়ে৷ পিছত কোম্পানীটোৰ সৈতে মনোমালিন্য হোৱাত পি ডি হিমৎসিংকাৰ কাষ চাপে৷ পিছত এই হিমৎসিংকায়েই কলিকতাৰ উচ্চ ন্যায়ালয়ত ককাৰ বিৰুদ্ধে বহু টকা পাওনাৰ এটা গোচৰ তৰে আৰু এই গোচৰত ককা হাৰে৷ দুর্দিনৰ যেন আৰম্ভণি হৈছিল তেতিয়াই৷ কোম্পানী হেৰুওৱাৰ পিছত অদমনীয় ককাই গাৰো পাহাৰত চিমেণ্ট ফেক্টৰীও খুলিছিল৷অৱশ্যে এই উদ্যোগো ব’ম্বেৰ এটি কোম্পানীৰ হাতলৈ যায়৷সি যি কি নহওক, উদ্যোগপতি ককা ৰাজনীতিৰ সৈতেও জড়িত হৈ পৰিছিল৷তেওঁ ব্রিটিছৰ শাসনকালতেই দুবাৰ অসম লেজিছলেটিভ কাউন্সিললৈ মনোনীত হৈছিল৷এবাৰ ১৯২৬ চনত আৰু আনবাৰ ১৯৩১ চনত৷ প্রথমবাৰ তেওঁ এজন ইংৰাজক পৰাভূত কৰি এইদৰে লেজিছলেটিভ কাউন্সিললৈ মনোনীত হৈছিল৷আমি ব্যৱসায়েৰে কর্মজীৱন আৰম্ভ কৰি পিছত ৰাজনীতিৰ ক্ষেত্রখনলৈ অহাৰ ক্ষেত্রত দেউতাৰ আদর্শ আৰু অনুপ্রেৰণাই সর্বাধিক আছিল যদিও কোনোবাখিনিত যে ককাও আছিল তাত সন্দেহ নাই৷ককা এসময়ত নিজে এম এল এ হোৱাৰ উপৰি তেওঁ পাণিগ্রহণ কৰিছিল গোলাঘাটৰ প্রখ্যাত চাহ ব্যৱসায়ী তথা অসমৰ একালৰ মন্ত্রী ঘনশ্যাম বৰুৱাৰ কন্যাৰ৷আজি ককাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ যোৰহাটবাসী আগুৱাই অহাটো সন্তোষৰ কথা৷কিয়নো, ১৯২৩ চনতে ককাই যোৰহাট ইলেকট্রিক ছাপ্লাই কোম্পানী প্রতিষ্ঠা কৰিছিল, যাৰ ফলত অসমৰ ভিতৰতে প্রথম বিজুলী বাতি জ্বলিছিল যোৰহাট চহৰত৷ ১৯৬২ চনৰ ৮ মে’ত মৃত্যুবৰণ কৰা ৰায়বাহাদুৰ বেথাৰাম শইকীয়াৰ পুত্র, আমাৰ ককা প্রয়াত কাশীনাথ শইকীয়া যে অসমৰ বাটকটীয়া উদ্যোগপতি আছিল, এই কথাত কাৰো দ্বিমত থাকিব নালাগে৷কাগজ তৈয়াৰ কৰা পদ্ধতি শিকিবলৈ সেই তাহানিয়ে ককা জাপানলৈ গৈছিল৷সুদূৰ জাপানত শিকি-বুজি আহি ১৯২১ চনতে তেওঁ অসমত এটা কাগজকল স্থাপনৰ চেষ্টা কৰিছিল৷ এই কামত সফল নহ’ল যদিও পিছত ১৯২৩ চনত যোৰহাটত অসমৰ প্রথমটো বিদ্যুৎ সৰবৰাহ কোম্পানী প্রতিষ্ঠা কৰে৷ এই কোম্পানীটোকেই পিছত হিমৎসিংকাৰ হাতৰপৰা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে অধিগ্রহণ কৰে৷ যোৰহাটত ইলেকট্রিক মটৰেৰে ধানকল চলোৱা আৰু পানী যোগান ধৰা প্রথমজন মানুহ আছিল আমাৰ ককা প্রয়াত কাশীনাথ শইকীয়া৷নতুন পুৰুষক কাশীনাথ শইকীয়াই কাটি দিয়া বাটটোৰে আগুৱাই নিবলৈ হ’লে, তেওঁলোকক চাকৰিমুখী নহৈ ব্যৱসায়ত মন দিয়াৰ বাবে পতিয়ন নিয়াবলৈ হ’লে কাশীনাথ শইকীয়াৰ দৰে ব্যক্তিৰ স্মৃতি যুগমীয়া কৰিবই লাগিব৷এদিন ইংলেণ্ড, ফ্রান্স আদি পাশ্চাত্যৰ দেশত বিজুলী বাতি জ্বলা দেখি নিজৰ যোৰহাটখনো পোহৰাই তুলিবলৈ আমাৰ ককা কাশীনাথ শইকীয়া উঠিপৰি লাগিছিল আৰু এইক্ষেত্রত তেওঁ সফলো হৈছিল৷ভাবিলেই ভাল লাগি যায়৷

Go Back

Comment