Menu

ANJAN DUTTA

header photo

এৰি অহা দিনবোৰ..

September 22, 2015

প্রয়াত বাবা মামা আৰু আমাৰ মাৰ ফালৰ ককা প্রয়াত কাশীনাথ শইকীয়াৰ প্রসংগই স্বাভাৱিকতে আমাক নষ্টালজিক কৰি তুলিছে৷মনলৈ আহিছে ইখনৰ পিছত সিখন মুখ— যিবোৰ মুখে আমাক বাৰুকৈয়ে প্রভাৱিত কৰিছিল৷জীৱনটো যদি সৌৰজগতৰ সৈতে তুলনা কৰো, এই মুখবোৰ হ’ব গ্রহ, উপগ্রহ অথবা নক্ষত্রৰ দৰে৷এই মুখবোৰ বাদ দি এৰি অহা দিনৰ বিৱৰণ অসম্পূর্ণ, অর্থহীন৷মনৰ পর্দাত বাৰে বাৰে ভুমুকি মৰা তেনে আন এখন মুখ হৈছে আমাৰ শাহু আই প্রয়াত হেমলতা দত্ত, যাক আমি ‘দেশৰ মহিলা’ বুলি সম্বোধন কৰিছিলো৷

১৯৮৫ চনৰ নৱেম্বৰ মাহৰ কোনোবা এদিন আমি হেমলতা দত্তক প্রথমবাৰৰ বাবে লগ পাইছিলো৷ তেতিয়া আমি চফল ডেকা৷যুৱ ব্যৱসায়ী হিচাপে নাম কৰাৰ লগতে যুৱ কংগ্রেছী হিচাপেও আমাৰ এটা পৰিচয় গা কৰি উঠিছিল৷ মায়ে প্রায়েই তাগিদা দিয়ে— মাহ-হালধিৰে গাটো ধুব লাগে, বিয়াখন পাতিব লাগে, সময় ৰৈ নাথাকে। আমাৰহে পিছে সেই দিশটোলৈ একেবাৰে মন-কাণ নাছিল। আমাৰ গা নলৰা দেখি এদিন মায়ে নিজেই গাঁঠিৰ ধন ভাঙি চোতালত ৰড, চিমেণ্ট, বালি আদি পেলালে আৰু নতুন ঘৰ এটা সজাৰ কাম আৰম্ভ কৰি দিলে। কিয়নো মায়ে এই কথা দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে ল’ৰাই প্ৰথমে ঘৰ সাজি তাৰ পিছত লখিমী বোৱাৰী ঘৰলৈ আদৰি আনিব লাগে আৰু এই আটাইখিনি কাম কৰা উচিত উপযুক্ত বয়সত। সেয়ে ঘৰ এটা সজাৰ কথা, বিয়াখন পতাৰ কথা কৈ কৈ মায়ে আমাৰ কাণ দুখন একপ্ৰকাৰ ঘোলা কৰি দিছিল। আমি প্ৰায়েই গা এৰা মন্তব্য দি কৈছিলো — ‘দেউতাই সজা ঘৰটো আছেই দেখোন ! আৰু বিয়াখন নপতাৰ বাবে আমাৰতো একো অসুবিধা হোৱা নাই।’ মায়ে চাগৈ ভাবিছিল— আমাৰ দৰে অঁকৰা মৈত উঠা পুত্ৰৰ ওপৰত ভৰসা কৰিলে একো নহ’বগৈ। সেয়ে প্ৰথমে নিজেই যেতিয়া ঘৰ সজাৰ কাম আৰম্ভ কৰি দিলে, সেই কাম শেষ কৰিবলৈ আমি বাধ্য হ’লো। ঘৰ সাজিবলৈ আৰম্ভ কৰাৰ লগতে মায়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে আৰু এটা কামৰ শুভাৰম্ভ কৰিছিল। সেয়া আছিল—আমাৰ বাবে ছোৱালী চোৱা। কিছুমান কথাত আমাৰ মত স্পষ্ট আছিল। ছোৱালী চাবলৈ গৈ গামোচা গোটোৱা পৰম্পৰাটো আমি কেতিয়াও সমৰ্থন নকৰো। ছোৱালীবোৰ দোকানৰ কাপোৰ নহয় যে পছন্দ হ’লে কিনিম আৰু পছন্দ নহ’লে আন এখন দোকানলৈ খোজ ল’ম। সেয়ে স্বাভাৱিকতে আমাৰ বাবে ছোৱালী চোৱা কামটোও কৰিবলগীয়া হৈছিল মায়েই। এদিন মায়ে আগ্ৰহেৰে ক’লে— ‘ভাল ঘৰৰ ছোৱালী এজনী পছন্দ কৰিছো।যোৰহাটৰ। অমুক তাৰিখে ছোৱালী ঘৰৰ মানুহ আহিব, সেইদিনা ক’লৈকো নাযাবি।’ মনতে ভাবিলো— এইবাৰ নিস্তাৰ নাই। সি যি কি নহওক, ১৯৮৫ চনৰ নৱেম্বৰ মাহৰ সেই বিশেষ দিনটো উপস্থিত হ’ল। মা পুৱাৰেপৰা ব্যস্ত হৈ পৰিছিল ছোৱালী ঘৰৰ মানুহক কিদৰে আপ্যায়ন কৰিব, তাকে লৈ। আৰু আমি? ফটা পেণ্ট আৰু ফটা গেঞ্জি পিন্ধি ঠিকাৰ ধনেৰে কিনা কণ্টেছাৰ গাড়ীখন ধোৱাত লাগিলো। আমাৰ হাতে-ভৰিয়ে বোকা লাগি থকা ৰূপটো দেখি মায়ে বাৰে বাৰে গাটো ধুই লোৱাৰ কথা ক’লে। আমি আকৌ ‘ৰিজেক্ট’ কৰিলেই ভাল— এই মনোভাবেৰে গাড়ী ধোৱা কামটো দীঘলীয়া কৰি থাকিলো। অৱশেষত মায়ে আশংকা কৰাৰ দৰেই আমি গাড়ী ধুই থাকোতেই ছোৱালী ঘৰৰ মানুহ আহি পদূলিত সোমাল। এগৰাকী সপ্ৰতিভ মহিলাই আমাক আগবাঢ়ি মাতো দিলে— ‘গাড়ী ধুইছা?’ সেই মহিলাগৰাকীয়েই আছিল হেমলতা দত্ত।১৯৮৫ চনৰ নৱেম্বৰ মাহৰ কোনোবা এদিন এনেদৰেই হেমলতা দত্তৰ সৈতে আমাৰ প্ৰথম মুখামুখি হৈছিল।

কিছু সময় পিছত আমি গা-পা ধুই, কুৰ্তা-পায়জামা পিন্ধি ছোৱালী ঘৰৰ মানুহৰ সন্মুখত থিয় দিছিলো। আমাৰ আচাৰ-ব্যৱহাৰত কোনো ‘ছিৰিয়াছনেছ’ নাছিল। বেপৰুৱাভাৱেই কৈছিলো — ‘আমি ছব কাম নিজে কৰো।’ এদিন তেওঁলোকৰ ঘৰলৈ মাতি হেমলতা দত্তই সেইদিনা আমাৰ ঘৰৰপৰা বিদায় লৈছিল। সেই মুহূৰ্ততো আমি কৈছিলো—‘মাহঁতে চালেই হ’ব।’ আমাৰ এই কাণ্ড-কাৰখানা দেখি মায়ে সেইদিনা খুব গালি পাৰিছিল।

সি যি কি নহওক, গোটেই ঘটনাটো মূৰকত ‘ওলোটা বুজিলি ৰাম’ হ’ল। আমাৰ চুটি বুদ্ধিয়ে কাম নিদিলে। আমাক ছোৱালীৰ মাক হেমলতা দত্তই ‘ৰিজেক্ট’ কৰাৰ সলনি পছন্দ কৰিহে থৈ গ’ল। আমাৰ দৰে ‘ছিম্পল’ ল’ৰা হেনো কমেইহে পোৱা যায়।

একপ্ৰকাৰ উপায়ান্তৰ হৈয়ে এদিন আনুষ্ঠানিকতা ৰক্ষা কৰি আমি ছোৱালী ঘৰলৈ গ’লো। আমাক প্ৰথম কাপ চাহ দিলে হেমলতা দত্তই নিজে। পিছৰ কাপ চাহ দিবলৈ যেতিয়া তেওঁৰ কন্যা অনন্যা দত্ত কোঠাটোলৈ সোমাই আহিছিল, তেতিয়া খিৰিকীৰ পৰ্দা দাঙি চাই আছিল হেমলতা দত্তই। ১৯৮৬ চনৰ মে’ মাহত অনন্যা দত্তৰ সৈতে আমি বিবাহপাশত আবদ্ধ হ’লো। বিয়াৰ প্ৰায় ৩০ বছৰ পিছতো হেমলতা দত্তই খিৰিকীৰ পৰ্দা দাঙি কন্যাৰ গতিবিধি নিৰীক্ষণ কৰা সেই দৃশ্য আমাৰ মানসপটত আজিও সজীৱ হৈ আছে।

 

পিছলৈ হেমলতা দত্তই আমাক খাবলৈ দিয়া সেই প্ৰথম কাপ চাহ এক নিৰ্দোষ ধেমালিৰ উ९স হৈ পৰিছিল। আমি বিয়াৰ পিছত প্ৰায়েই হেমলতা দত্তৰ সৈতে চুপতি মাৰি কৈছিলো — ‘ইমান দিনে চেনি জাৰি খুওৱাৰ কথা শুনিহে আছিলো। নিজৰ ক্ষেত্ৰতে প্ৰমাণ পাই গ’লো। প্ৰথম কাপ চাহত নিশ্চয় চেনি জাৰি দিছিল। নহ’লেনো আমি আপোনাৰ মৰমৰ জী অনন্যা দত্তক পছন্দ কৰোনে?’ এনেদৰে ক’লে শাহু আইৰ খং উঠিছিল আৰু তেওঁৰ সেই ৰূপটো দেখি আমি ৰং পাইছিলো। এনেকৈয়ে দিনবোৰ চলি আছিল। ঢুকোৱাৰ আগলৈকে আমাৰ এই চুপতি পৰ্বৰ অন্ত পৰা নাছিল। কেৱল চুপতি মৰাৰ ঢংটো সামান্য সলনি হৈছিল। আমি শেষৰফালে ক’বলৈ লৈছিলো— ‘বিয়াৰ ইমান বছৰ হৈ গ’ল। এতিয়া সঁচা কথা ক’লে আৰু সমস্যা নাই। চাহত কিদৰে চেনি জাৰি দিছিল কৈ দিয়ক{ আমাৰো ছোৱালী তিনিজনী ডাঙৰ হৈ আহিছে নহয়! সিহঁতৰ বাবে ভাল ল’ৰা গোটাবলৈ জানো চাহত চেনি জাৰি দিব নালাগিব!’ মৃত্যুৰ দুদিন পূৰ্বেও শাহু আইৰ সৈতে এইদৰে ধেমালি কৰিছিলো। কেৱল চাহকাপক লৈয়ে নহয়, বিভিন্ন বিষয়ক লৈ আমি চুপতি মাৰিছিলো। কৃতী শিক্ষয়িত্ৰীৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰবীণ শিক্ষাবিদ, সুলেখিকা হেমলতা দত্ত আছিল কাণ্ট্ৰী উইমেনছ অৱ ইণ্ডিয়াৰ অসম শাখাৰ প্ৰাক্তন সভানেত্ৰী তথা উপদেষ্টা। সেয়ে তেওঁ আমাৰ ঘৰলৈ আহিলেই আমি অনন্যা অথবা ছোৱালীকেইজনীক ডাঙৰ ডাঙৰকৈ কওঁ— ‘দেশৰ মহিলা আহিছে দেই!’ আমি এইদৰে ক’লে তেওঁ বৰ ৰস পাইছিল। ১৯৯৮ চনমানৰ কথা। মহিলা সমিতিৰ কেইগৰাকীমান সদস্যাই আমাক সুধিলেহি— ‘মা আহিছে নেকি!’ তেওঁলোকে হেমলতা দত্তৰ কথা সুধিছিল যদিও আমি আকৌ মা অঞ্জলী দত্তৰ কথা সোধা বুলিহে ভাবিছিলো। সেয়ে পোনপটীয়াকৈ উত্তৰ দিছিলো— নাই অহা। তেওঁলোকে একপ্ৰকাৰ জোৰ কৰিয়েই ক’লে— ‘আহিছে হে।’ আমি ক’লো—‘মা শিৱসাগৰত আছে। মা গুৱাহাটীলৈ আহিব আৰু আমি গম নাপাম— এয়া জানো হ’ব পাৰে।’ পিছত যেতিয়া ভুল ভাগিল, আমি ধেমালিৰ সুৰেৰে ক’লো— ・・・‘হেমলতা দত্ত আমাৰ আইনগত মাহে (Mother in Law) । আপোনালোকে ‘আইনগত মা’ আহিছে নেকি সুধিব লাগিছিল।’ কথাষাৰে আটাইকে হাঁহিৰ খোৰাক যোগালে। পিছত যেতিয়া তেওঁৰ কাণত কথাটো পৰিলগৈ, আমাক পোনছাটেই জেৰা কৰিলে— ‘এনেকৈ ক’ব লাগেনে?’ আমিও অঁকৰাটোৰ দৰে কৈ থ’লো— ‘গাঁৱৰ ল’ৰা, কি কৰিব আৰু! কথাবোৰ চিধা-চিধিকৈ বুজি পাওঁ! ফটা গেঞ্জি পিন্ধি গাড়ী ধোৱা ল’ৰাহে। ছিম্পল।’

 

মা অঞ্জলী দত্তৰ মৃত্যুৰ পিছতো আৰু এগৰাকী মা আছিল, যাক আমি ‘আইনগত মা’ বুলি ধেমালি কৰিলেও নিজৰ মাৰ দৰেই জ্ঞান কৰিছিলো। কেতিয়াবা প্ৰয়োজনত যদি তেওঁৰপৰা পৰামৰ্শ লৈছিলো, কেতিয়াবা চুপতি মাৰি নিৰ্দোষ ধেমালি কৰিছিলো। মুঠতে তেওঁৰ প্ৰতি আমাৰ ব্যৱহাৰ আছিল নিজ মাতৃৰ দৰেই। তেঁৱো আমাক পুত্ৰজ্ঞান কৰি কেতিয়াবা যদি খং কৰিছিল, কেতিয়াবা মৰমেৰে ওপচাই দিছিল। আমাৰ ছোৱালীকেইগৰাকীৰ পঢ়া-শুনাক লৈ, সিহঁতৰ ভৱিষ্যতক লৈ তেওঁ প্ৰতি মুহূৰ্ততে সজাগ আছিল। আমাৰ দ্বিতীয়গৰাকী কন্যাই মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত ৯৪ শতাংশ নম্বৰ পোৱাৰ আঁৰতে আছিল হেমলতা দত্তৰ মৰমসনা যত্ন। শিক্ষাৰ প্ৰতি সাংঘাতিক ধাউতি থকা এইগৰাকী মহিলাই শিক্ষয়িত্ৰী চাকৰিৰপৰা অৱসৰ লোৱাৰ পিছত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ বাবে মনোবল আৰু সাধনা কিমান তীব্ৰ হ’ব লাগিব, সেয়া সহজে অনুমেয়। মৃত্যুৰ আগমুহূৰ্তলৈকে, অৰ্থাৎ ৭৪ বছৰ বয়সলৈকে সপ্ৰতিভ হৈ থকা হেমলতা দত্তৰ কৰ্মস্পৃহা দেখি আমি অবাক হৈছিলো। মহিলা সবলীকৰণৰ বাবে হেমলতা দত্তই যিখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে, সেয়া আছিল অতুলনীয়। কান্ট্ৰী উইমেনছ অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক শাখাটো আছিল তেওঁৰ আত্মাৰ এফাল। শাখাটোৰ বাবে স্থায়ী কাৰ্যালয় তথা কৰ্মৰত মহিলা আৰু বৃদ্ধা আৱাস নিৰ্মাণৰ চিন্তাই তেওঁক দিনে-ৰাতিয়ে খেদি ফুৰিছিল। আমাকেই তেওঁ কাণ্ট্ৰী উইমেনছৰ কামত কিমান দিন যে খাটনি ধৰিছিল, তাৰ লেখ-জোখ নাই। মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ, প্ৰয়াত প্ৰাক্তন সাংসদ বিজয়কৃষ্ণ সন্দিকৈদেৱ, যোৰহাট সমষ্টিৰ পূৰ্বৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, বৰ্তমানৰ বিধায়ক ৰাণা গোস্বামীৰ উপৰি বৰাক উপত্যকাৰ প্ৰতিনিধি গৌতম ৰয়ৰ ওচৰতো হেমলতা দত্ত কাণ্ট্ৰী উইমেনছৰ বাবে সাহায্য বিচাৰি থিয় হৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে সম্ভৱতঃ ১২ৰপৰা ১৫ লাখমান টকা কাণ্ট্ৰী উইমেনছৰ নামত আগবঢ়াইছিল। সেইদৰে যোৰহাটৰ আনকেইজন জনপ্ৰতিনিধিৰ উপৰি সুদূৰ বৰাক উপত্যকাৰ গৌতম ৰয়েও ব্যক্তিগতভাৱে দুই লাখ টকা আগবঢ়োৱাৰ কথা জানো। ব্যক্তিগত জীৱনত কোনোদিন অভাৱ-অনাটনৰ মুখামুখি নোহোৱা তথা কাৰো ওচৰত হাত নপতা হেমলতা দত্তই ৰাজহুৱা প্ৰতিষ্ঠানটোৰ বাবে ‘আৰ্থ ফিলিঙ’ৰ বাবে মাটি এগাড়ী পৰ্যন্ত বিচৰা আমি নিজ চকুৰে দেখিছো। মুঠতে দিনে-ৰাতিয়ে, খাওঁতে-শোওঁতে, উঠোতে-বহোতে হেমলতা দত্তই কাণ্ট্ৰী উইমেনছৰ কথা ভাবিছিল, নিৰাশ্ৰয় বৃদ্ধা-মহিলা আৰু কৰ্মৰত মহিলাৰ বাবে আৱাস এটা নিৰ্মাণৰ কথা ভাবিছিল, প্ৰকৃত অৰ্থত মহিলা সবলীকৰণৰ বিষয়ে চিন্তা কৰিছিল আৰু এইবোৰ কামত উঠিপৰি লাগিছিল। তেওঁৰ এই আশাশুধীয়া প্ৰচেষ্টাৰ বলতেই অৱশেষত গৃহটো সম্পূৰ্ণ হৈ উঠিছিল যদিও ইয়াৰ শুভ উদ্বোধনৰ পূৰ্বেই এই পৃথিৱীৰপৰা বিদায় মাগিছিল হেমলতা দত্তই। সপোনৰ এই বৃদ্ধা আৱাসটোত দুৰাতি থকাৰো পৰিকল্পনা কৰিছিল তেওঁ। পিছে এই সপোনো দিঠকত ৰূপায়ণ হোৱা নাছিল। কৃতী শিক্ষয়িত্ৰীৰ ৰাজ্যিক পুৰস্কাৰেই নহয়, ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰা হেমলতা দত্তই বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল। নিজে এইদৰে পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে ভ্ৰমি ফুৰাৰ লগতে তেওঁ আন মহিলাসকলকো আগুৱাই লৈ গৈছিল। এবাৰ যোৰহাটৰ ১৪ গৰাকী মহিলাক স্কটলেণ্ডলৈ লৈ যোৱাৰ কথা আমাৰ স্পষ্টকৈ মনত আছে। সমাজৰ প্ৰতি দায়বদ্ধ এই মহিলাগৰাকীয়ে একাধিক ভ্ৰমণ কাহিনীকে ধৰি মুঠ ছখন মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰিছিল আৰু ইয়াৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰিছিল।

মৃত্যুৰ দুদিন পূৰ্বেও আমি টেলিফোনেৰে হেমলতা দত্তৰ সৈতে কথা পাতিছিলো, চুপতি মাৰিছিলো। ডাঙৰজনী ছোৱালীৰ বাবে ভাল ল’ৰা এটা চোৱাৰ কথা কৈছিলো। লগতে যদি ল’ৰা চাব নোৱাৰে, তেনেহ’লে চেনি জৰা নিয়মটোকে শিকাই দিয়াৰ প্ৰস্তাৱো দিছিলো।আনকি মৃত্যুৰ দিনাও তেওঁলৈ ফোন কৰিছিলো যদিও ফোনটো ড্ৰাইভাৰজনে ধৰি ‘আইতাৰ গাটো অলপ বেয়া’ বুলি কৈছিল। এই সকলোবোৰ এতিয়া স্মৃতি মাথোঁ। সেই যে ফটা গেঞ্জি পিন্ধি গাড়ী ধুই থাকোতে প্ৰথম মুখামুখি হৈছিলো, তাৰ পিছত বিগত ২২ টা বছৰ মানুহগৰাকীৰ ব্যক্তিত্বত মুগ্ধ হৈ থাকিলো। মা ঢুকোৱাৰ পিছত সেই অভাৱ বহুখিনি পূৰণ কৰিছিল হেমলতা দত্তই। এদিন তেৱোঁ আঁতৰি গৈছিল। সেই আঁতৰি যোৱাৰ পিছত ‘দেশৰ মহিলা’গৰাকী আৰু কোনোদিন আমাৰ ঘৰলৈ অহা নাই। ‘আইনগত মা’ বুলি কোৱাৰ বাবে তেওঁ আৰু কোনোদিন আমাক জবাবদিহি কৰা নাই। চাহত চেনি জাৰি দিয়াৰ কথা কৈ সেই মৰমসনা গালি শুনাৰ সুযোগ আৰু কোনোদিনে পোৱা নাই। চিৰন্তন সত্য এয়ে যে তেওঁ আৰু কোনোদিন আমাৰ ঘৰলৈ নাহিব, কোনো কথাতে আমাক জবাবদিহি নকৰিব আৰু মৰমসনা গালি শুনাৰ সুযোগ কোনোদিন নিদিব। কথাষাৰ ভাবিলেই বুকুখন মোচৰ খাই যায়। এৰি অহা দিনবোৰলৈ ক্ষণিকৰ বাবে হ’লেও যদি উভতি যাব পাৰিলোহেঁতেন !

Go Back

Comment