Menu

ANJAN DUTTA

header photo

আমাৰ জীৱনত যাৰ অসীম প্ৰভাৱ আছে, যাক আমি অনুকৰণ কৰিছিলো ...

July 21, 2015

ৰাজনীতিৰপৰা অলপ ব্যক্তিগত জীৱনলৈ আহো। অপৰিপক্ব হাতেৰে এই শিতানটো লিখিবলৈ মৰসাহ কৰাৰ সময়তে আমি এই কথা ঘোষণা কৰিছিলো যে মনৰ ভাববোৰ প্ৰকাশ কৰোতে আমাৰ অগা-ডেৱা হ’ব পাৰে। বিস্মৃতিৰ তাণ্ডৱত স্মৃতিবোৰ দিশহাৰা হোৱাৰ বাবেই হওক অথবা আকৰ্ষণীয় উপস্থাপন কৌশল আয়ত্ত কৰাত বিফল হোৱাৰ বাবেই হওক, আমি চেষ্টা কৰা সত্ত্বেও জীৱন কাহিনীৰ ক্ৰম ৰক্ষা কৰাত সফল হ’ব পৰা নাই। কেতিয়াবা একোটা ঘটনাৰ সোঁতে আমাক শৈশৱৰপৰা নি একেবাৰে আদবয়স পোৱাই দিয়ে।পিছ মুহূৰ্ততে শৈশৱৰ আন এটা ঘটনাই আমাক পুনৰ আদবয়সৰপৰা ঘূৰাই আনে।ঠিক যেন সুনীল আকাশত উৰি থকা ৰঙীন চিলাখনৰ দৰেই। কিছু দূৰ উৰিবলৈ এৰি দি পুনৰ গাৰফালে টানি অনাৰ দৰেই যেন এই ঘটনা। আকৌ এবাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ সেই দিনবোৰলৈ উভতি চাওঁতে এখন মুখে আমাক বৰকৈ আমনি কৰিছে। সেই মুখখন বাবা মামাৰ। বাবা মামাৰ কথা ভাবিলে এৰি অহা দিনৰ অলেখ স্মৃতিয়ে আমাৰ মনটো জুমু্ৰি দি ধৰে। এই মুহূৰ্ততে চিনেমাৰ ৰিলৰ দৰেই যেন তড়ি়ৎ গতিৰে ইখনৰ পিছত সিখন ছবি চকুৰ আগেৰে পাৰ হৈ গৈছে আৰু মনৰ পৰ্দাত জীৱন্ত হৈ উঠিছে শৈশৱ, কৈশোৰ আৰু যৌৱনৰ নানা স্মৃতি--- যি স্মৃতিৰ সৈতে বাবা মামাৰ নামটো এৰাব নোৱৰাকৈ সাঙোৰ খাই আছে। তেতিয়া আমি ষষ্ঠ নে সপ্তম শ্ৰেণীৰ ছাত্ৰ। মামাই আমাৰ শিৱসাগৰৰ গায়েন গাঁৱৰ ঘৰত থাকি চাকৰি কৰে। চাকৰিৰপৰা উভতি আহি ক্লাবলৈ যোৱাটো মামাৰ এক অভ্যাস আছিল।তেতিয়া আজিৰ দৰে ষ্ট্ৰীটলাইট নাছিল আৰু সেয়ে নিশাৰ আন্ধাৰত এইদৰে অহা-যোৱা কৰাৰ বাবে মামাই মাৰপৰা গালিও শুনিবলগীয়া হৈছিল। এদিন ক্লাবৰপৰা উভতি আহোতে মামাই দেখিলে প্ৰতিৱেশী মানুহ এঘৰৰ এগৰাকী যুৱতী আমাৰ বাঁহৰ জপনাৰ কাষতে থিয় দি আছে। পিন্ধনত বগা সাজ।যুৱতীগৰাকী আছিল নাৰ্ছ। গতিকে বগা সাজেৰে সৈতে তেওঁ সকলোৰে চিনাকি আছিল। মামাই যুৱতীগৰাকীক মাত দিলে, সেই নিশাৰ ভাগত কিয় এইদৰে বাহিৰত থিয় দি আছে সুধিলে আৰু ঘৰ পাই মাক সকলো বিৱৰি ক’লে। আমি তেতিয়াও শোৱা নাছিলো। মায়ে সেই নিশা একো নক’লে যদিও পিছদিনা মামাক সকলো ক’লে। প্ৰতিৱেশী সেই যুৱতীগৰাকীয়ে হেনো মামাই লগ পোৱাৰ এদিন পূৰ্বেই আত্মহত্যা কৰিছিল। অৰ্থাৎ সেয়া আছিল যুৱতীগৰাকীৰ আত্মাহে। কথাটো শুনি স্বাভাৱিকতেই মামা ভয়ত পেপুৱা লাগিছিল। পিছত ঘটনাটো এনেদৰে চৰ্চা হৈছিল যে তুলাৰাশিৰ মানুহে হেনো সেইদৰে আত্মা দেখা পায়। আমাৰ মাহীৰ ল’ৰা, জ্যেষ্ঠ্ সাংবাদিক অতনু ভূঞাৰ ক্ষেত্ৰতো হেনো তেনে এক ঘটনা ঘটিছিল। অতনুৰ দেউতাক অৰ্থাৎ আমাৰ মহা ঢুকোৱাৰ পিছত হেনো অতনুৱে এদিন দেউতাকক খিৰিকীৰ কাষত থিয় দি তেওঁলৈ চাই থকা দেখিছিল। এই ঘটনাটো ঘটিছিল মৃত্যুৰ তিনিদিনৰ ভিতৰতে, যেতিয়া তেওঁলোকে মাটিত শয়ন কৰিছিল। তিলনিলৈকে মৃতকৰ আত্মা এইদৰে আত্মীয়ৰ আশে-পাশে ঘূৰি থাকে বুলি যি বিশ্বাস প্ৰচলিত হৈ আহিছে তাৰ ভিত্তিতেই নানা আচাৰ-অনুষ্ঠান পালন কৰা হয় বুলি ভবাৰ থল আছে।মৃত্যুৰ তিনিদিন পিছলৈকে হেনো মানুহৰ চকুযুৰিয়ে দেখি থাকে। সেয়ে মৃত্যুৰ পিছত চকুহালি জপাই দিয়া হয় আৰু তুলসী পাতেৰে ঢাকি দিয়া হয়। এইক্ষেত্ৰত বিজ্ঞান আৰু বিশ্বাস কাৰ ভিত্তি বেছি সেয়া একেষাৰে কোৱা কঠিন। আমাৰ জীৱনত মামাৰ অসীম প্ৰভাৱ আছে। সেয়া ব্যৱসায়িক জীৱনতেই হওক, ৰাজনৈতিক জীৱনতেই হওক অথবা ব্যক্তিগত জীৱনতেই হওক। সেই যে আমি হাইস্কুলৰ তলৰ শ্ৰেণীত পঢ়ি থাকোতে মামাই আমাৰ গায়েন গাঁৱৰ ঘৰত থাকি চাকৰি কৰিছিল সেই দিনবোৰত মামা যেন আমাৰ বাবে ছান্তাক্ল’জহে আছিল।অফিচৰপৰা উভতি আহোতে মামাই প্ৰায়েই আমালৈ চকলেট আনিবলৈ পাহৰা নাছিল। পিছে সেই সুখৰ দিনৰ এদিন অন্ত পৰিছিল।এদিন চাকৰিসূত্ৰে বদলি হৈ মামা অন্য ঠাইলৈ গুচি গৈছিল।আজিও স্পষ্টকৈ মনত আছে, সেইদিনা আমি খুব কান্দিছিলো। চকলেট দিয়া ছান্তাক্ল’জজন দূৰণিলৈ গুচি যোৱাৰ দুখত। আমি যেতিয়া হাইস্কুলৰ ডেওনা পাৰ হৈ কলেজ পালো, তেতিয়াও মামাই আমাক তাহানিৰ সৰু ল’ৰাটোৰ দৰেই মৰম কৰি থাকিল।আমি শিৱসাগৰ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আলোচনী সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিলো | সেইবেলি মামাই আমাক নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজন হোৱা কাৰ্ডখিনি ছপাই দিছিল। কাৰ্ডখনৰ এপিঠিত আমাক ভোট দিবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে আনটো পিঠিত কলেজৰ ৰুটিনখন ছপা কৰি দিয়া হৈছিল।সেয়াও আছিল মামাৰেই ‘ইন’ভেটিভ আইডিয়া’। এনে কৰিলে হেনো কাৰ্ডখন ছাত্ৰ-ছাত্ৰীসকলে পেলাই দিয়াৰ সম্ভাৱনা নাথাকে। কাৰ্ডৰ সৈতে একোটাকৈ কলম দিয়াৰ কথাও মনত আছে। এই সকলোখিনি মামাই যোগান ধৰিছিল যদিও কথাটো ৰাজহুৱা কৰিবলৈ বাধা দিছিল।এনেদৰেই আমাৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ কালছোৱাত মামাই আন্তৰৰ অকৃত্ৰিম শুভ-ইচ্ছা আৰু সমৰ্থনেৰে আমাক উৎসাহিত কৰিছিল, প্ৰেৰণা যোগাইছিল। আজি যদি ৰাজনীতিৰ পথাৰখনত আমি সামান্যও সফলতা অৰ্জন কৰিছো, তেনেহ’লে এই সফলতাৰ আঁৰত মামাৰ শুভ-ইচ্ছা আৰু সমৰ্থনখিনিও আছে। কলেজীয়া অধ্যায়ৰ পিছত যেতিয়া আমি সৰু-সুৰা ঠিকাৰ কাম হাতত লৈ স্বাৱলম্বী হোৱাৰ যুঁজখন আৰম্ভ কৰিছিলো, তেতিয়াও যেন মামাই আমাক ছত্ৰৰ দৰেই ছাঁ দি ৰাখিছিল, আশ্ৰয় দিছিল। বন্ধু অজিত ৰঞ্জন গগৈ, ৰাজীৱ বৰুৱা (বাবুল) আৰু আমি মামাৰপৰা এশটকীয়া বৰঙণি আদায় কৰাৰ স্মৃতিও সজীৱ হৈয়ে আছে। সেই সময়ত মামাৰ এখন লেণ্ডমাষ্টাৰ গাড়ী আছিল। এবাৰ ৰাস্তাত গাড়ীখন ৰখাই মামাই অজিত আৰু আমাক এশটকাকৈ দিলে। বাবুলক হয়তো মন কৰা নাছিল।বাবুলে নিজেই মাত দিলে— ‘মামা, মোৰ ক’ত?’ মামাই এইবাৰ বাবুলৰ হাততো কিবা এটা গুঁজি দি তিনিওকে সমানে ভগাই ল’বলৈ ক’লে।এনেবোৰ কাৰণতে আমাৰ বন্ধুমহলৰ মাজতো মামা প্ৰিয়পাত্ৰ আছিল। এবাৰ সৰু ঠিকাৰ কাম এটাত দুহাজাৰ টকাৰ প্ৰয়োজন হৈছিল।ভাবি-গুণী মামাৰ কাষলৈকে যোৱাৰ সিদ্ধান্ত ল’লো।মামা তেতিয়া ডিব্ৰুগড়ত কৰ্মৰত। বন্ধু অজিতৰ সৈতে মামাৰ ঘৰত উপস্থিত হ’লো।মামীয়ে আদৰ-সাদৰ কৰি ইটো-সিটো খাবলৈ দিলে।মামাই অহাৰ উদ্দেশ্য সুধিলে যদিও মুখ ফুটাই একো ক’ব পৰা নাছিলো। এবাৰত মামী পাকঘৰলৈ যোৱাৰ সুযোগ বুজি অজিতেই মামাক ক’লে— ‘ইয়াক টকা দুহাজাৰ লাগে। আপোনাক ক’বলৈ বেয়া পাইছে।’ মামাই ঘৰৰপৰা কিছু দূৰলৈ আহি আমাৰ হাতত টকা দুহাজাৰ গুঁজি দিছিল আৰু মামীক এই বিষয়ে একো নক’বলৈ কৈছিল। কেইমাহমান পিছত আমি টকাখিনি মামাক ঘূৰাই দিলো। মামাই নালাগে বুলি কৈছিল যদিও পিছত পুনৰ কেতিয়াবা প্ৰয়োজন হ’লে ল’ম বুলি কোৱাতহে তেওঁ সেই টকা ল’বলৈ সন্মত হৈছিল। হাঁহি হাঁহি কৈছিল — ‘মানে ভৱিষ্যতলৈ ৰাস্তা খোলা ৰখা হৈছে। পাৰিবি, ব্যৱসায়ত উন্নতি কৰিব পাৰিবি।’ লগতে মামাই এশটকা এটা হাতত গুঁজি দিবলৈ পাহৰা নাছিল। ধাৰ দিওঁতাৰপৰা ধাৰ লওঁতাই এনেদৰে ওলোটাই সুদ পোৱাৰ উদাহৰণ চাগৈ পৃথিৱীতেই বিৰল। এয়া সম্ভৱ হৈছিল আমাৰ প্ৰতি থকা মামাৰ অকৃত্ৰিম স্নেহৰ বাবেই। মামাৰপৰা এশটকাকৈ বৰঙণি লোৱাত আমি অভ্যস্ত আছিলো। মামা আছিল এগৰাকী বহল অন্তৰৰ পৰোপকাৰী মানুহ। কেৱল আমাকেই নহয়, বিভিন্ন সময়ত আত্মীয়-স্বজন, বন্ধু-বান্ধৱক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়োৱা মামাই কেতিয়াও কাৰো অহিত চিন্তা কৰা নাছিল। আমাৰ জীৱনত মামাৰ বহুত প্ৰভাৱ আছে। ক’ব নোৱৰাকৈয়ে বিভিন্ন কথাত আমি মামাক অনুকৰণ কৰিছিলো। সেয়া খোজ কঢ়াৰ ক্ষেত্ৰতেই হওক, পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰতেই হওক, গাড়ী কিনাৰ ক্ষেত্ৰেতই হওক বা কাৰোবাক আৰ্থিক সাহায্য আৰু ধাৰলৈ দি শ্ৰীমতীক সেই বিষয়ে নোকোৱাৰ ক্ষেত্ৰতেই হওক। মামা আছিল এগৰাকী চকুত পৰা ষ্টাইলিছ ব্যক্তি। তেওঁৰ সৌন্দৰ্য পিপাসু মনটোৱে আমাক তাহানিৰেপৰাই চুম্বকৰ দৰে আকৰ্ষণ কৰি আহিছে। আমি মামাৰ দৰে খোজ কাঢ়িবলৈ চেষ্টা কৰিছিলো, মামাৰ দৰে ধুনীয়া পোছাক পিন্ধিবলৈ চেষ্টা কৰিছিলো। মামাৰ দৰেই গাড়ীৰ প্ৰতি আমাৰো ভীষণ চখ আছে। অৱশ্যে ৰাজনীতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱাৰ পিছত আমি আৰু মামাৰ দৰে গুৰু-গম্ভীৰ খোজ দিব নোৱৰা হ’লো। সি যি কি নহওক, আমাৰ জীৱনযাত্ৰাত মামা কিদৰে পথ প্ৰদৰ্শক হৈ ৰৈছে তাৰ এটা সৰু উদাহৰণ দিলে কথাষাৰ স্পষ্ট হ’ব। মামাৰ ডাঙৰজনী ছোৱালী তেতিয়া তিনি-চাৰি বছৰীয়া। আমি ইতিমধ্যে ব্যৱসায়ত এটা পৰ্যায়লৈ প্ৰতিষ্ঠা লাভ কৰি গাড়ী এখন কিনিছো। তাইৰ জন্মদিনলৈ যাওঁতে ধেমালিৰ সুৰেৰে মামাক ক’লো— ‘জন্মদিন ডাঙৰকৈ পাতিব লাগিছিল।’ মামাই আমাক প্ৰশ্ন কৰিলে— ‘মই মৰিলে মোৰ ছোৱালী দুজনীক চাবিনে?’ আমি চাম বুলি কোৱাত মামাই পুনৰ ক’লে— ‘মিছা কথা, অবাস্তৱ, এমাহ-দুমাহ হয়তো চাবি। পিছে সদায় চাই থকাটো সম্ভৱ নহয়।’ লগতে বুজনিৰ সুৰেৰে ক’লে— ‘জন্মদিন বুলি ঘৰৰ মানুহখিনি লগ হৈছো, তাতকৈ আৰু কি লাগিছে? শুন, জন্মদিনত অযথা বহুত টকা খৰচ কৰাতকৈ অলপ সোণ কিনি দিয়া ভাল। পিছলৈয়ো কথাষাৰ মনত ৰাখিবি। লগতে জন্মৰ লগে লগে বেংকত ৰেকাৰিং ডিপ’জিত এটাও খুলি দিব লাগে।যাতে কেতিয়াবা আমি নোহোৱা হৈ গ’লেও সন্তানৰ কোনো অসুবিধা নহয়।’ মামাৰ সেই কথা ইমানেই পছন্দ হৈছিল যে পৰৱৰ্তী সময়ত আমাৰ তিনিওজনী ছোৱালীৰ ক্ষেত্ৰতে সেই কথা আখৰে আখৰে পালন কৰা হৈছে। সিহঁতৰ জন্মৰ লগে লগে বেংকত ৰেকাৰিং ডিপ’জিত খোলা হৈছে, সেই ডিপ’জিতৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত সমুদায় ধনৰাশি ফিক্সড ডিপ’জিত কৰি অহা হৈছে। এতিয়াও সিহঁতৰ প্ৰতিটো জন্মদিনত আমি কিছু পৰিমাণে সোণ কিনি দিওঁ। এয়াই আমাৰ জীৱনত মামাৰ নিৰৱচ্ছিন্ন প্ৰভাৱ। স্পষ্টকৈ মনত আছে— আমাৰ প্ৰথমগৰাকী কন্যাৰ জন্মৰ সময়ত মামাই সোণ কিনা আৰু বেংকত একাউণ্ট খোলাৰ কথাটো পুনৰ মনত পেলাই দিছিল।আমিও আগ্ৰহেৰেই শিৱসাগৰৰ কানাড়া বেংকত এহাজাৰ টকা দি প্ৰথমগৰাকী কন্যাৰ নামত একাউণ্ট এটা খুলিছিলো। এদিন হঠাৎ এটা ফোন কল আহিছিল। এক অনাকাংক্ষিত খবৰ কঢ়িয়াই অনা সেই ফোন কলটো আছিল অনুপদাৰ।মামাৰ হেনো ষ্ট্ৰ’ক হৈছে। জি এন আৰ চিত চিকিৎসাধীন হৈ আছে। আমি অলপো পলম নকৰি, ততাতৈয়াকৈ জি এন আৰ চি পাইছিলো। দেখিছিলো আই চি ইউত মামা শয্যাগত হৈ আছে। মামাৰ সেই ৰূপটো দেখি আমি অন্তৰত সাংঘাতিক দুখ পাইছিলো। বুকুখন যেন মোচৰ খাই গৈছিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো— মামা যেন সোনকালেই সুস্থ হৈ উঠে। ইয়াৰ পিছত মামাৰ মগজুৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ল। সেই অস্ত্ৰোপচাৰৰ তিনিদিন পিছত যেতিয়া মামাৰ চেতনা ঘূৰি আহিল, তেতিয়া শ্ৰীমতীক লগত লৈ মই আকৌ মামাৰ ওচৰলৈ ঢপলিয়াই গ’লো। আমাক দেখি মামাই ইংৰাজীতে, অস্পষ্টভাৱে তেওঁৰ চেতনা ঘূৰি অহাৰ কথা ক’লে। স্বাভাৱিকতেই মামাক সেই ৰূপত দেখি আমাৰ মনৰপৰা যেন ক’লীয়া ডাৱৰ এচপৰা আঁতৰি গ’ল। পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে আমি উজনিলৈ গ’লো। উজনিত থাকোতেই পুনৰ অনুপদাৰ ফোন পালো। সেই ফোন কলটোৱেও কঢ়িয়াই আনিছিল আন এক অনাকাংক্ষিত খবৰ। মামা আৰু নাই। আমি উচুপি উঠিছিলো। চকুপানীক বাধা দি ৰখাৰ ধৈৰ্য আৰু মনোবল যেন কেই মুহূৰ্তমানৰ বাবে আমি হেৰুৱাই পেলাইছিলো। মামা আজি নাই। কথাষাৰ ভাবিলেই বুকুখন বিষায়। তাহানি হাইস্কুলত পঢ়ি থাকোতে মামা যেতিয়া চাকৰিসূত্ৰে বদলি হৈ অন্য ঠাইলৈ গুচি গৈছিল, সেইদিনাও কান্দিছিলো। পিছে সেই আঁতৰি যোৱা আছিল খন্তেকীয়া।আমাৰ গায়েন গাঁৱৰ ঘৰৰপৰা গুচি গৈছিল যদিও মামা এই পৃথিৱীৰ কোনোবাখিনিত আছিল। আগৰ দৰে সদায় নহ’লেও মামাক মাজে মাজে লগ পোৱাৰ বাটটো সদায় মুকলি হৈ আছিল। পিছে এদিন মামাই আমাক জীৱনৰ বাবেই এৰি থৈ গ’ল। এই পৃথিৱীৰ কোনো প্ৰান্তত তেওঁ আৰু নাই। তেওঁৰ ঠিকনা এতিয়া মহাজীৱনৰ সিটো পাৰে থকা কোনোবা অজান মুলুক। আমাক সদায় ছাঁ দি অহা, আশ্ৰয় দি অহা সেই ছাতিটো আঁতৰি যোৱাৰ পিছত আমি প্ৰথম যিজাক বৰষুণত তিতিছিলো, সেইজাক আছিল দুখৰ বৰষুণ। ৰাজহুৱা কৰ্মী হিচাপে আমি জীৱনৰ বাটত লগ পোৱা মানুহৰ সংখ্যা স্বাভাৱিকতেই আনতকৈ বেছি। এনে বহু লোকৰ মৃত্যুত আমি মৃতকৰ আত্মীয়-স্বজনক সান্ত্বনা দিবলৈ কেতিয়াবা গীতাৰ শ্লোক আওৰোৱাৰ পৰামৰ্শ দিছো— যি গীতাই ভাৰতীয় মানুহক যুগ যুগ ধৰি সঠিক পথৰ সন্ধান দি আহিছে, কেতিয়াবা বুদ্ধৰ সেই সৰিয়হমুঠিলৈ মনত পেলাই দিছো— মানুহ নমৰা ঘৰৰপৰা যিমুঠি সৰিয়হ কোনেও আনিব নোৱাৰে। মামাৰ অবৰ্তমানত আমিও বুদ্ধৰ সেই সৰিয়হমুঠিলৈ মনত পেলাই নিজকে সান্ত্বনা দিয়াৰ চেষ্টা কৰিছিলো। জীৱন এনেকুৱাই— কেতিয়াবা হঁহুৱায়, কেতিয়াবা কন্দুৱায়।

Go Back

Comment