Menu

ANJAN DUTTA

header photo

Anjan Dutta's Blog

ইমান ডাঙৰ! সঁচাকৈয়ে?

October 18, 2015

বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত উল্লিখিত শব্দকেইটা লিখা থকা এটা বিজ্ঞাপন সকলোৱে দেখিছে। এটা বৃহদাকাৰ দুৰ্গা মূৰ্তিৰ শৰীৰত ৰং দি থকা অৱস্থাত এজন খনিকৰৰ ছবি আছিল বিজ্ঞাপনটোত। ডাঙৰ ডাঙৰ হৰ্ডিঙত বিজ্ঞাপনটো আঁৰি দিয়াৰ পিছৰেপৰা মানুহৰ মনত কৌতূহল হৈছিল— ইমান ডাঙৰ কি? সঁচা কথা ক’বলৈ গ’লে এনে এজনো মহানাগৰিক হয়তো নোলাব যিয়ে এই বিজ্ঞাপনটোৰ বিষয়ে এবাৰো চৰ্চা কৰা নাই অথবা কিহৰ এই বিজ্ঞাপন সেই কথা এবাৰো ভবা নাই।যদিও বৃহদাকাৰ দুৰ্গা মূৰ্তি এটাক এজন খনিকৰে ৰং দি থকা এখন ফটো বিজ্ঞাপনটোত ব্যৱহাৰ কৰা হৈছিল, তথাপি কোনেও হয়তো ভবা নাছিল যে সেই বিজ্ঞাপনটো সঁচাকৈয়ে এটা বৃহদাকাৰ দুৰ্গা মূৰ্তিৰেই। ৰহস্য ভেদ হোৱাৰ আগলৈকে সেয়ে বিভিন্নজনে বিভিন্ন ধৰণে ভাবি লৈছিল বিজ্ঞাপনটো। আমিও তাৰ ব্যতিক্ৰম নাছিলো। বিজ্ঞাপনটো দেখিলেই আমাৰ মনতো কিছুমান ভাবে বুৰবুৰণি তুলিছিল,  দোলা দি গৈছিল।

নদীবান্ধৰপৰাই আৰম্ভ কৰো। কংগ্ৰেছ দল আৰু চৰকাৰে এই কথা মনে-প্ৰাণে বিশ্বাস কৰে যে প্ৰগতিৰ পথত সঠিকভাৱে আগুৱাবলৈ হ’লে আমাক শক্তি লাগিবই। সভ্যতাৰ উত্তৰণত শক্তি অপৰিহাৰ্য। সেয়ে কংগ্ৰেছ দল আৰু চৰকাৰে আৰম্ভণিৰেপৰা লখিমপুৰ, ধেমাজিকে ধৰি সেই অঞ্চলৰ জনসাধাৰণৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি নোহোৱাকৈ যদি নিৰ্মাণ কৰা হয়, তেনে নদীবান্ধৰ সমৰ্থন কৰি আহিছে। নদীবান্ধক লৈ কিছু লোকৰ অসন্তুষ্টি আছে বুলি জানিও ভৱিষ্যতৰ কথা চিন্তা কৰি কংগ্ৰেছে আপোচহীনভাৱে নদীবান্ধৰ সপক্ষে থিয় দি আহিছে। কিয়নো এনে ধৰণৰ বিৰোধ কংগ্ৰেছৰ বাবে নতুন কথা নহয়। দেশলৈ কম্পিউটাৰ অনাৰ সময়তো একাংশ ৰাজনৈতিক শক্তিয়ে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীজীৰ ঘোৰ বিৰোধিতা কৰিছিল। কম্পিউটাৰে বহু শ্ৰমিকক কৰ্মহীন কৰি তুলিব বুলি আশংকা কৰিয়েই এইদৰে একাংশ ৰাজনৈতিক শক্তিয়ে ৰাজীৱ গান্ধীজীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল। এতিয়া এবাৰ কল্পনা কৰি চাওকচোন—দেশলৈ কম্পিউটাৰ ননা হ’লে আমি কিমান পিছপৰি থাকিলোহেঁতেন!সূৰ্যই পৃথিৱীৰ চাৰিওফালে নহয়, পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি কোৱাৰ বাবেই এদিন গেলিলিঅ’ৰ চকু কাঢ়ি লোৱা হৈছিল।এতিয়া তেওঁকে মহান বিজ্ঞানী বুলি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ দৰে কথা এয়া। সত্যটো বুজি উঠোতে কেতিয়াবা কিছু সময় লাগিব পাৰে বুলি কংগ্ৰেছে অনুভৱ কৰে আৰু সেয়ে সত্যৰপৰা কেতিয়াও বিচলিত নহয়, লাগিলে তাৰ বাবে সাময়িকভাৱে কিছু ক্ষতিয়েই হওক। পিছে বিজেপিয়ে কি কৰিলে? সাধাৰণ মানুহৰ চেণ্টিমেণ্টক লৈ হেতালি খেলাত পাকৈত বিজেপিয়ে এই কথা ঠিকেই উপলব্ধি কৰিলে যে নদীবান্ধৰ বিৰোধিতা কৰিলে বহু মানুহৰ সমৰ্থন পোৱাটো খাটাং। সেয়ে লোকসভা নিৰ্বাচনৰ আগতে বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সেইসময়ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে গেৰুকামুখলৈ গৈ ডিঙিৰ সিৰ ফুলাই ফুলাই নদীবান্ধ বিৰোধী ভাষণ দিলে। ৰাইজখন পতিয়ন গ’ল। বিজেপিক ভোটো দিলে। পিছে নিৰ্বাচনত জিকাৰ পিছতে, শাসন ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে বিজেপিয়ে ওলোটা খৰ মাৰিলে, ইউ টাৰ্ণ ল’লে। দেশৰ প্ৰগতিৰ বাবে হেনো শক্তি লাগিবই। গতিকে এতিয়া তেওঁলোক নদীবান্ধৰ সপক্ষে। নিজৰ স্বাৰ্থত স্থিতি সলাবলৈ বিজেপিক এক মিনিটো নালাগিল। কংগ্ৰেছ কিন্তু নিজৰ সেই একেটা স্থিতিত থাকি গ’ল। বিজেপিৰ স্বৰূপ বুজি এতিয়া সাধাৰণ মানুহে কোৱা-কুই আৰম্ভ কৰিছে— ইমান ডাঙৰ বিশ্বাসঘাতকতা! সঁচাকৈয়ে?

এতিয়া আহো বাংলাদেশক ভূমি হস্তান্তৰৰ প্ৰসংগলৈ। ভাৰত-বাংলা ভূমি হস্তান্তৰ চুক্তি স্বাক্ষৰিত হ’লে অসমৰ লাভ হ’ব। অসমে যিমান মাটি হেৰুৱাব তাতকৈ পাব বেছি। এই কথা সজোৰে কৈ চুক্তিখনৰ সপক্ষে থিয় দিয়াৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক গণশত্ৰু সজাইছিল বিজেপিয়ে। এই চুক্তিৰ বিৰোধিতা কৰি বিজেপিয়ে অসম বন্ধ দিছিল। ইমানতে ক্ষান্ত নাথাকি অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব বুলি হুংকাৰ দি সীমান্তলৈ গৈ জাতীয় পতাকা উত্তোলন কৰিছিল বিজেপি নেতৃত্বই।অসম বিধানসভা মজিয়াতো বিজেপিৰ পাঁচজনকৈ বিধায়কে হাতত প্লে-কাৰ্ড লৈ এই চুক্তিৰ বিৰোধিতা কৰিছিল। সহজ-সৰল অসমীয়া মানুহে সেই কথাতে ভোল গৈ লোকসভা নিৰ্বাচনত ভোটো দিলে।পিছে নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে বিজেপি হৈ পৰিল ভাৰত-বাংলা ভূমি হস্তান্তৰ চুক্তিৰ সমৰ্থক। এই চুক্তি সম্পাদিত কৰিবলৈ উঠি-পৰি লগাই নহয়, শেহতীয়াভাৱে বিজেপিয়ে কিদৰে বাংলাদেশীক বৰপীৰা পাৰি দিবলৈ উথপথপ লগাইছে সেয়া অসমৰ ৰাইজে দেখিছে। এইবোৰ দেখি-শুনি ৰাইজখনে কোৱা-কুই কৰিছে— ইমান ডাঙৰ ওলোটা খৰ ! সঁচাকৈয়ে ?

ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউট অব ইণ্ডিয়া, চমুকৈ এফটিআইআইৰ অধ্যক্ষ হিচাপে গজেন্দ্ৰ চৌহানক নিযুক্তি দিয়াৰ বিৰুদ্ধে কিদৰে দীৰ্ঘদিনীয়া আন্দোলন চলিছে সেয়া সকলোৱে জানে।বিগত দুই দশক ধৰি বিজেপিৰ সৈতে জড়িত হৈ থকা চৌহানে ২০০৪ চনত গেৰুৱা দলটিত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।বিগত লোকসভা নিৰ্বাচনত হাৰিয়ানাত বিজেপিৰ হৈ জোৰদাৰ প্ৰচাৰ চলাইছিল চৌহানে। এই যোগ্যতাৰ ভিত্তিতেই মোডী চৰকাৰে গজেন্দ্ৰ চৌহানক এফটিআইআইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ গৈ যিসকল যোগ্য ব্যক্তিক বঞ্চিত কৰিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যশস্বী চিত্ৰ পৰিচালক, অসম সন্তান জাহ্নু বৰুৱা। লোকসভা নিৰ্বাচনৰ আগেয়ে উত্তৰ-পূবৰ ৰাজ্যকেইখনক অষ্টলক্ষ্মী বুলি অভিহিত কৰা নৰেন্দ্ৰ মোডীয়ে অসমক ইমানেই ভাল পায়, ইমানেই গুৰুত্ব দিয়ে যে অসম আৰু অসমীয়াৰ গৌৰৱ জাহ্নু বৰুৱাক অযোগ্য বুলি প্ৰতিপন্ন কৰাৰ সময়ত তেওঁ এবাৰো ভাবি চোৱাৰ প্ৰয়োজনবোধ নকৰিলে। অসমীয়াক বঞ্চনাৰ উদাহৰণ এইটোৱেই একমাত্ৰ নহয়। পাব্লিক এণ্টাৰপ্ৰাইজ ছিলেকছন ব’ৰ্ডে দহগৰাকী প্ৰাৰ্থীৰ ইণ্টাৰভিউ লৈ অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদৰ বাবে অসমৰ সুযোগ্য সন্তান ৰূপশিখা শইকীয়া বৰাৰ নামটো বাছনি কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল। কেৱল এটা নাম পঠিওৱাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ প্ৰতি থকা তেওঁৰ চৰম অৱজ্ঞাৰ প্ৰমাণ দি ৰূপশিখা শইকীয়া বৰাৰ নামটোত অনুমোদন জনোৱা নাছিল। তেওঁৰ ঠাইত অমিত শ্বাহৰ ঘনিষ্ঠ বুলি চৰ্চিত বিহাৰৰ ইউ পি সিঙক নিযুক্তি দিছিল। এনে উদাহৰণ আৰু আছে। এইবোৰ দেখি-শুনি সাধাৰণ মানুহে এতিয়া কোৱা-কুই কৰিছে— ইমান ডাঙৰ বঞ্চনা ! সঁচাকৈয়ে ?

শাসন ক্ষমতাত অধিষ্ঠিত হৈয়ে নৰেন্দ্ৰ মোডী চৰকাৰে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত সেৱাকৰ পূৰ্বৰ ১২.৩৬ শতাংশৰপৰা ১৪ শতাংশলৈ বৃদ্ধি কৰিলে। ফলত ৰে’ল ভাৰা বাঢ়িল, খাদ্য সামগ্ৰীৰ দাম বাঢ়িল, টেলিফোনৰ বিল বাঢ়িল, হোটেলত থকা-খোৱাৰ খৰচ বাঢ়িল আৰু বহুতো। ইয়াৰ বিপৰীতে পুঁজিপতিসকলক সন্তুষ্ট কৰাৰ স্বাৰ্থত কৰ্প’ৰেট টেক্স পূৰ্বৰ ৩০ শতাংশৰপৰা ২৫ শতাংশলৈ হ্ৰাস কৰিলে। ইয়াৰ ফলত প্ৰায় চাৰে পাঁচ লাখ কোটিৰ ৰাজহ হেৰুৱাব লগা হ’ল চৰকাৰখনে। সেই ঘাটি মিলাবলৈ সেৱাকৰ বৃদ্ধি কৰাতে সন্তুষ্ট নাথাকি বিভিন্ন কল্যাণকামী আঁচনিৰ ধন কৰ্তন কৰিছে মোডী চৰকাৰে। এইবোৰ দেখি-শুনি ৰাইজখনে কোৱা-কুই কৰিছে— সাধাৰণ লোকক ইমান ডাঙৰ মাধমাৰ ! সঁচাকৈয়ে ?

নিৰ্বাচনৰ আগতে নিবনুৱা যুৱক-যুৱতীসকলৰ কথা কৈ ঘঁৰিয়ালৰ চকুপানী টোকা নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো নিযুক্তি বন্ধ কৰি দিলে আৰু হাজাৰ হাজাৰ পদৰ বিলুপ্তি ঘটালে। একালত চাহ বিক্ৰী কৰাৰ কথা কৈ মানুহৰ সহানুভূতি আদায়ৰ চেষ্টা কৰা নৰেন্দ্ৰ মোডীয়ে ২০১৩ চনৰ খাদ্য সুৰক্ষা আইন অসমত এই পৰ্যন্ত প্ৰয়োগ হ’বলৈ দিয়া নাই। এই আইনে সামগ্ৰিকভাৱে অসমৰ গ্ৰামাঞ্চলৰ ৮৪ শতাংশ মানুহক মাহেকত ৩৫ কিলো চাউল, প্ৰতিকিলো ৩ টকা দৰত দি ৰাইজক খাদ্য সুৰক্ষা প্ৰদান কৰিব বিচাৰিছিল। একালত চাহ বিক্ৰী কৰা মানুহজনেও কিয় দৰিদ্ৰৰ দুখ বুজি নাপায় সেয়াহে বুজাটো কঠিন। অৱশ্যে দহ লাখ টকীয়া চ্যুট পিন্ধা মানুহে দুখীয়া মানুহৰ চৌকাত জুই জ্বলিছেনে নাই সেই কথা চিন্তা কৰাৰ বাবে আহৰি নোপোৱাই স্বাভাৱিক।যেতিয়া চ্যুটক লৈ বিতৰ্ক হ’ল তেতিয়া চতুৰ মোডী ডাঙৰীয়াই সেই চ্যুট নিলামত বিক্ৰী কৰি সেই ধন কল্যাণমূলক কামত ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হল। প্ৰশ্ন হ’ল— যিয়ে মোডী ডাঙৰীয়াক সেই চ্যুট উপহাৰ দিছিল তেওঁ তাৰ বিনিময় নল’বনে ? আৰু নিলামত বিক্ৰী কৰি ধন ঘটিবলৈ এগৰাকী প্ৰধানমন্ত্ৰীৰ যিকোনো সামগ্ৰীয়েই যথেষ্ট নহয়নে? তাৰ বাবে দহ লাখ টকীয়া চ্যুট পিন্ধাটো জৰুৰী নেকি? সততা আৰু আন্তৰিকতাৰ অভাৱ আছিল বাবেই অত্যুৎসাহী মোডী ডাঙৰীয়াই এই নিলাম পৰ্বত অসমীয়া মানুহে সন্মানৰ চিনস্বৰূপে দিয়া গামোচা, শৰাই, গঁড়ৰ প্ৰতিকৃতি আদিও নিলামত বিক্ৰী কৰি দিছিল। এইবোৰকে দেখি-শুনি এতিয়া মানুহে কোৱা-কুই কৰিছে— অসমীয়া মানুহৰ আৱেগক অৱজ্ঞা কৰে! ইমান ডাঙৰ ধৃষ্টতা! সঁচাকৈয়ে?

মুঠতে দিওঁ বুলি ক’লে এনে অলেখ উদাহৰণ দিব পৰা যায়। কিয়নো বিগত এবছৰীয়া কাৰ্যকালতে মোডী ডাঙৰীয়াই দেশৰ ৰাইজক ইমান ডাঙৰ টুপী পিন্ধাইছে যে মানুহে টুপী পিন্ধিও পিন্ধিছে বুলি বিশ্বাস কৰিবলৈ টান পাই প্ৰশ্ন কৰিবলগীয়া হৈছে— সঁচাকৈয়ে?

বিষয়টো অপ্ৰাসংগিক বুলি যেন ধৰি নলয়। কিয়নো যিটো বিজ্ঞাপনে বিগত কিছুদিনত ব্যাপক চৰ্চা লাভ কৰিছে সেই বিজ্ঞাপনটো দুৰ্গাপূজাৰ সৈতে জড়িত আৰু মাহেকীয়া অনুভূতিৰ এই সংখ্যাটোও শাৰদীয় দুৰ্গা পূজাকেন্দ্ৰিক। ইপিনে প্ৰসংগক্ৰমে যিগৰাকী নৰেন্দ্ৰ মোডীৰ কথা বাৰে বাৰে উল্লেখ কৰা হৈছে তেৱোঁ কামতকৈ বিজ্ঞাপন বেছি ভাল পায়।কাম হওক বা নহওক, কিদৰে তিলটোকে তালটো কৰি প্ৰচাৰ চলাব লাগে সেই কথা তেওঁ ভালদৰেই জানে। এনেবোৰ কাৰণতে প্ৰাসংগিক বুলি ভাবি আমি কথাখিনি উল্লেখ কৰিলো।

সি যি কি নহওক, শৰৎ আকৌ আহিল। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত— এই ছয় ঋতুৰ প্ৰতিটোৰে সুকীয়া মাদকতা আছে, সুকীয়া আকৰ্ষণ আছে যদিও ইয়াৰ ভিতৰত এহাল ৰজা-ৰাণীও আছে।বসন্ত ৰজা আৰু শৰৎ ৰাণী। সেয়ে ঋতুৰাজ বসন্ত আৰু শাৰদী ৰাণী বুলি কোৱা হয়। ৰাণী শাৰদীৰ প্ৰতি আমাৰ আছে বিশেষ টান। কেৱল আমাৰেই নে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰপৰা আমাৰ দৰে সাধাৰণ মানুহলৈকে কিমানেই যে শৰতক সুতীব্ৰভাৱে ভাল পায়, তাৰ লেখ-জোখ নাই। শৰতেই যেন বাৰিষাৰ চকুপানীবোৰ মচি দিয়ে, শৰতেই যেন দুখৰ ডাৱৰবোৰ উৰুৱাই নিয়ে। গৰুৰ খোজত জমা হোৱা সামান্য পানীতো বিশাল আকাশ দৰ্শনৰ পৰিৱেশ দিয়ে এই শৰতেই। পুৱাৰ ৰ’দ পৰি দূবৰি বনত নিয়ৰৰ মুকুতা জ্বলা, তল ভৰি শেৱালি সৰা আৰু নৈবোৰে কঁহুৱাৰ চাদৰেৰে গা ঢকা এই মোহনীয় শৰতক কোনোবাই বেয়া পাব পাৰে জানো? নোৱাৰে নিশ্চয়। সকলোকে শাৰদীয় শুভকামনা জনালো আৰু সমাজৰপৰা অপশক্তিৰ বিনাশ কামনা কৰিলো।

এৰি অহা দিনবোৰ..

September 22, 2015

প্রয়াত বাবা মামা আৰু আমাৰ মাৰ ফালৰ ককা প্রয়াত কাশীনাথ শইকীয়াৰ প্রসংগই স্বাভাৱিকতে আমাক নষ্টালজিক কৰি তুলিছে৷মনলৈ আহিছে ইখনৰ পিছত সিখন মুখ— যিবোৰ মুখে আমাক বাৰুকৈয়ে প্রভাৱিত কৰিছিল৷জীৱনটো যদি সৌৰজগতৰ সৈতে তুলনা কৰো, এই মুখবোৰ হ’ব গ্রহ, উপগ্রহ অথবা নক্ষত্রৰ দৰে৷এই মুখবোৰ বাদ দি এৰি অহা দিনৰ বিৱৰণ অসম্পূর্ণ, অর্থহীন৷মনৰ পর্দাত বাৰে বাৰে ভুমুকি মৰা তেনে আন এখন মুখ হৈছে আমাৰ শাহু আই প্রয়াত হেমলতা দত্ত, যাক আমি ‘দেশৰ মহিলা’ বুলি সম্বোধন কৰিছিলো৷

১৯৮৫ চনৰ নৱেম্বৰ মাহৰ কোনোবা এদিন আমি হেমলতা দত্তক প্রথমবাৰৰ বাবে লগ পাইছিলো৷ তেতিয়া আমি চফল ডেকা৷যুৱ ব্যৱসায়ী হিচাপে নাম কৰাৰ লগতে যুৱ কংগ্রেছী হিচাপেও আমাৰ এটা পৰিচয় গা কৰি উঠিছিল৷ মায়ে প্রায়েই তাগিদা দিয়ে— মাহ-হালধিৰে গাটো ধুব লাগে, বিয়াখন পাতিব লাগে, সময় ৰৈ নাথাকে। আমাৰহে পিছে সেই দিশটোলৈ একেবাৰে মন-কাণ নাছিল। আমাৰ গা নলৰা দেখি এদিন মায়ে নিজেই গাঁঠিৰ ধন ভাঙি চোতালত ৰড, চিমেণ্ট, বালি আদি পেলালে আৰু নতুন ঘৰ এটা সজাৰ কাম আৰম্ভ কৰি দিলে। কিয়নো মায়ে এই কথা দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে ল’ৰাই প্ৰথমে ঘৰ সাজি তাৰ পিছত লখিমী বোৱাৰী ঘৰলৈ আদৰি আনিব লাগে আৰু এই আটাইখিনি কাম কৰা উচিত উপযুক্ত বয়সত। সেয়ে ঘৰ এটা সজাৰ কথা, বিয়াখন পতাৰ কথা কৈ কৈ মায়ে আমাৰ কাণ দুখন একপ্ৰকাৰ ঘোলা কৰি দিছিল। আমি প্ৰায়েই গা এৰা মন্তব্য দি কৈছিলো — ‘দেউতাই সজা ঘৰটো আছেই দেখোন ! আৰু বিয়াখন নপতাৰ বাবে আমাৰতো একো অসুবিধা হোৱা নাই।’ মায়ে চাগৈ ভাবিছিল— আমাৰ দৰে অঁকৰা মৈত উঠা পুত্ৰৰ ওপৰত ভৰসা কৰিলে একো নহ’বগৈ। সেয়ে প্ৰথমে নিজেই যেতিয়া ঘৰ সজাৰ কাম আৰম্ভ কৰি দিলে, সেই কাম শেষ কৰিবলৈ আমি বাধ্য হ’লো। ঘৰ সাজিবলৈ আৰম্ভ কৰাৰ লগতে মায়ে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে আৰু এটা কামৰ শুভাৰম্ভ কৰিছিল। সেয়া আছিল—আমাৰ বাবে ছোৱালী চোৱা। কিছুমান কথাত আমাৰ মত স্পষ্ট আছিল। ছোৱালী চাবলৈ গৈ গামোচা গোটোৱা পৰম্পৰাটো আমি কেতিয়াও সমৰ্থন নকৰো। ছোৱালীবোৰ দোকানৰ কাপোৰ নহয় যে পছন্দ হ’লে কিনিম আৰু পছন্দ নহ’লে আন এখন দোকানলৈ খোজ ল’ম। সেয়ে স্বাভাৱিকতে আমাৰ বাবে ছোৱালী চোৱা কামটোও কৰিবলগীয়া হৈছিল মায়েই। এদিন মায়ে আগ্ৰহেৰে ক’লে— ‘ভাল ঘৰৰ ছোৱালী এজনী পছন্দ কৰিছো।যোৰহাটৰ। অমুক তাৰিখে ছোৱালী ঘৰৰ মানুহ আহিব, সেইদিনা ক’লৈকো নাযাবি।’ মনতে ভাবিলো— এইবাৰ নিস্তাৰ নাই। সি যি কি নহওক, ১৯৮৫ চনৰ নৱেম্বৰ মাহৰ সেই বিশেষ দিনটো উপস্থিত হ’ল। মা পুৱাৰেপৰা ব্যস্ত হৈ পৰিছিল ছোৱালী ঘৰৰ মানুহক কিদৰে আপ্যায়ন কৰিব, তাকে লৈ। আৰু আমি? ফটা পেণ্ট আৰু ফটা গেঞ্জি পিন্ধি ঠিকাৰ ধনেৰে কিনা কণ্টেছাৰ গাড়ীখন ধোৱাত লাগিলো। আমাৰ হাতে-ভৰিয়ে বোকা লাগি থকা ৰূপটো দেখি মায়ে বাৰে বাৰে গাটো ধুই লোৱাৰ কথা ক’লে। আমি আকৌ ‘ৰিজেক্ট’ কৰিলেই ভাল— এই মনোভাবেৰে গাড়ী ধোৱা কামটো দীঘলীয়া কৰি থাকিলো। অৱশেষত মায়ে আশংকা কৰাৰ দৰেই আমি গাড়ী ধুই থাকোতেই ছোৱালী ঘৰৰ মানুহ আহি পদূলিত সোমাল। এগৰাকী সপ্ৰতিভ মহিলাই আমাক আগবাঢ়ি মাতো দিলে— ‘গাড়ী ধুইছা?’ সেই মহিলাগৰাকীয়েই আছিল হেমলতা দত্ত।১৯৮৫ চনৰ নৱেম্বৰ মাহৰ কোনোবা এদিন এনেদৰেই হেমলতা দত্তৰ সৈতে আমাৰ প্ৰথম মুখামুখি হৈছিল।

কিছু সময় পিছত আমি গা-পা ধুই, কুৰ্তা-পায়জামা পিন্ধি ছোৱালী ঘৰৰ মানুহৰ সন্মুখত থিয় দিছিলো। আমাৰ আচাৰ-ব্যৱহাৰত কোনো ‘ছিৰিয়াছনেছ’ নাছিল। বেপৰুৱাভাৱেই কৈছিলো — ‘আমি ছব কাম নিজে কৰো।’ এদিন তেওঁলোকৰ ঘৰলৈ মাতি হেমলতা দত্তই সেইদিনা আমাৰ ঘৰৰপৰা বিদায় লৈছিল। সেই মুহূৰ্ততো আমি কৈছিলো—‘মাহঁতে চালেই হ’ব।’ আমাৰ এই কাণ্ড-কাৰখানা দেখি মায়ে সেইদিনা খুব গালি পাৰিছিল।

সি যি কি নহওক, গোটেই ঘটনাটো মূৰকত ‘ওলোটা বুজিলি ৰাম’ হ’ল। আমাৰ চুটি বুদ্ধিয়ে কাম নিদিলে। আমাক ছোৱালীৰ মাক হেমলতা দত্তই ‘ৰিজেক্ট’ কৰাৰ সলনি পছন্দ কৰিহে থৈ গ’ল। আমাৰ দৰে ‘ছিম্পল’ ল’ৰা হেনো কমেইহে পোৱা যায়।

একপ্ৰকাৰ উপায়ান্তৰ হৈয়ে এদিন আনুষ্ঠানিকতা ৰক্ষা কৰি আমি ছোৱালী ঘৰলৈ গ’লো। আমাক প্ৰথম কাপ চাহ দিলে হেমলতা দত্তই নিজে। পিছৰ কাপ চাহ দিবলৈ যেতিয়া তেওঁৰ কন্যা অনন্যা দত্ত কোঠাটোলৈ সোমাই আহিছিল, তেতিয়া খিৰিকীৰ পৰ্দা দাঙি চাই আছিল হেমলতা দত্তই। ১৯৮৬ চনৰ মে’ মাহত অনন্যা দত্তৰ সৈতে আমি বিবাহপাশত আবদ্ধ হ’লো। বিয়াৰ প্ৰায় ৩০ বছৰ পিছতো হেমলতা দত্তই খিৰিকীৰ পৰ্দা দাঙি কন্যাৰ গতিবিধি নিৰীক্ষণ কৰা সেই দৃশ্য আমাৰ মানসপটত আজিও সজীৱ হৈ আছে।

 

পিছলৈ হেমলতা দত্তই আমাক খাবলৈ দিয়া সেই প্ৰথম কাপ চাহ এক নিৰ্দোষ ধেমালিৰ উ९স হৈ পৰিছিল। আমি বিয়াৰ পিছত প্ৰায়েই হেমলতা দত্তৰ সৈতে চুপতি মাৰি কৈছিলো — ‘ইমান দিনে চেনি জাৰি খুওৱাৰ কথা শুনিহে আছিলো। নিজৰ ক্ষেত্ৰতে প্ৰমাণ পাই গ’লো। প্ৰথম কাপ চাহত নিশ্চয় চেনি জাৰি দিছিল। নহ’লেনো আমি আপোনাৰ মৰমৰ জী অনন্যা দত্তক পছন্দ কৰোনে?’ এনেদৰে ক’লে শাহু আইৰ খং উঠিছিল আৰু তেওঁৰ সেই ৰূপটো দেখি আমি ৰং পাইছিলো। এনেকৈয়ে দিনবোৰ চলি আছিল। ঢুকোৱাৰ আগলৈকে আমাৰ এই চুপতি পৰ্বৰ অন্ত পৰা নাছিল। কেৱল চুপতি মৰাৰ ঢংটো সামান্য সলনি হৈছিল। আমি শেষৰফালে ক’বলৈ লৈছিলো— ‘বিয়াৰ ইমান বছৰ হৈ গ’ল। এতিয়া সঁচা কথা ক’লে আৰু সমস্যা নাই। চাহত কিদৰে চেনি জাৰি দিছিল কৈ দিয়ক{ আমাৰো ছোৱালী তিনিজনী ডাঙৰ হৈ আহিছে নহয়! সিহঁতৰ বাবে ভাল ল’ৰা গোটাবলৈ জানো চাহত চেনি জাৰি দিব নালাগিব!’ মৃত্যুৰ দুদিন পূৰ্বেও শাহু আইৰ সৈতে এইদৰে ধেমালি কৰিছিলো। কেৱল চাহকাপক লৈয়ে নহয়, বিভিন্ন বিষয়ক লৈ আমি চুপতি মাৰিছিলো। কৃতী শিক্ষয়িত্ৰীৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰবীণ শিক্ষাবিদ, সুলেখিকা হেমলতা দত্ত আছিল কাণ্ট্ৰী উইমেনছ অৱ ইণ্ডিয়াৰ অসম শাখাৰ প্ৰাক্তন সভানেত্ৰী তথা উপদেষ্টা। সেয়ে তেওঁ আমাৰ ঘৰলৈ আহিলেই আমি অনন্যা অথবা ছোৱালীকেইজনীক ডাঙৰ ডাঙৰকৈ কওঁ— ‘দেশৰ মহিলা আহিছে দেই!’ আমি এইদৰে ক’লে তেওঁ বৰ ৰস পাইছিল। ১৯৯৮ চনমানৰ কথা। মহিলা সমিতিৰ কেইগৰাকীমান সদস্যাই আমাক সুধিলেহি— ‘মা আহিছে নেকি!’ তেওঁলোকে হেমলতা দত্তৰ কথা সুধিছিল যদিও আমি আকৌ মা অঞ্জলী দত্তৰ কথা সোধা বুলিহে ভাবিছিলো। সেয়ে পোনপটীয়াকৈ উত্তৰ দিছিলো— নাই অহা। তেওঁলোকে একপ্ৰকাৰ জোৰ কৰিয়েই ক’লে— ‘আহিছে হে।’ আমি ক’লো—‘মা শিৱসাগৰত আছে। মা গুৱাহাটীলৈ আহিব আৰু আমি গম নাপাম— এয়া জানো হ’ব পাৰে।’ পিছত যেতিয়া ভুল ভাগিল, আমি ধেমালিৰ সুৰেৰে ক’লো— ・・・‘হেমলতা দত্ত আমাৰ আইনগত মাহে (Mother in Law) । আপোনালোকে ‘আইনগত মা’ আহিছে নেকি সুধিব লাগিছিল।’ কথাষাৰে আটাইকে হাঁহিৰ খোৰাক যোগালে। পিছত যেতিয়া তেওঁৰ কাণত কথাটো পৰিলগৈ, আমাক পোনছাটেই জেৰা কৰিলে— ‘এনেকৈ ক’ব লাগেনে?’ আমিও অঁকৰাটোৰ দৰে কৈ থ’লো— ‘গাঁৱৰ ল’ৰা, কি কৰিব আৰু! কথাবোৰ চিধা-চিধিকৈ বুজি পাওঁ! ফটা গেঞ্জি পিন্ধি গাড়ী ধোৱা ল’ৰাহে। ছিম্পল।’

 

মা অঞ্জলী দত্তৰ মৃত্যুৰ পিছতো আৰু এগৰাকী মা আছিল, যাক আমি ‘আইনগত মা’ বুলি ধেমালি কৰিলেও নিজৰ মাৰ দৰেই জ্ঞান কৰিছিলো। কেতিয়াবা প্ৰয়োজনত যদি তেওঁৰপৰা পৰামৰ্শ লৈছিলো, কেতিয়াবা চুপতি মাৰি নিৰ্দোষ ধেমালি কৰিছিলো। মুঠতে তেওঁৰ প্ৰতি আমাৰ ব্যৱহাৰ আছিল নিজ মাতৃৰ দৰেই। তেঁৱো আমাক পুত্ৰজ্ঞান কৰি কেতিয়াবা যদি খং কৰিছিল, কেতিয়াবা মৰমেৰে ওপচাই দিছিল। আমাৰ ছোৱালীকেইগৰাকীৰ পঢ়া-শুনাক লৈ, সিহঁতৰ ভৱিষ্যতক লৈ তেওঁ প্ৰতি মুহূৰ্ততে সজাগ আছিল। আমাৰ দ্বিতীয়গৰাকী কন্যাই মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ত ৯৪ শতাংশ নম্বৰ পোৱাৰ আঁৰতে আছিল হেমলতা দত্তৰ মৰমসনা যত্ন। শিক্ষাৰ প্ৰতি সাংঘাতিক ধাউতি থকা এইগৰাকী মহিলাই শিক্ষয়িত্ৰী চাকৰিৰপৰা অৱসৰ লোৱাৰ পিছত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ বাবে মনোবল আৰু সাধনা কিমান তীব্ৰ হ’ব লাগিব, সেয়া সহজে অনুমেয়। মৃত্যুৰ আগমুহূৰ্তলৈকে, অৰ্থাৎ ৭৪ বছৰ বয়সলৈকে সপ্ৰতিভ হৈ থকা হেমলতা দত্তৰ কৰ্মস্পৃহা দেখি আমি অবাক হৈছিলো। মহিলা সবলীকৰণৰ বাবে হেমলতা দত্তই যিখিনি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে, সেয়া আছিল অতুলনীয়। কান্ট্ৰী উইমেনছ অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক শাখাটো আছিল তেওঁৰ আত্মাৰ এফাল। শাখাটোৰ বাবে স্থায়ী কাৰ্যালয় তথা কৰ্মৰত মহিলা আৰু বৃদ্ধা আৱাস নিৰ্মাণৰ চিন্তাই তেওঁক দিনে-ৰাতিয়ে খেদি ফুৰিছিল। আমাকেই তেওঁ কাণ্ট্ৰী উইমেনছৰ কামত কিমান দিন যে খাটনি ধৰিছিল, তাৰ লেখ-জোখ নাই। মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ, প্ৰয়াত প্ৰাক্তন সাংসদ বিজয়কৃষ্ণ সন্দিকৈদেৱ, যোৰহাট সমষ্টিৰ পূৰ্বৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, বৰ্তমানৰ বিধায়ক ৰাণা গোস্বামীৰ উপৰি বৰাক উপত্যকাৰ প্ৰতিনিধি গৌতম ৰয়ৰ ওচৰতো হেমলতা দত্ত কাণ্ট্ৰী উইমেনছৰ বাবে সাহায্য বিচাৰি থিয় হৈছিল। মুখ্যমন্ত্ৰী মহোদয়ে সম্ভৱতঃ ১২ৰপৰা ১৫ লাখমান টকা কাণ্ট্ৰী উইমেনছৰ নামত আগবঢ়াইছিল। সেইদৰে যোৰহাটৰ আনকেইজন জনপ্ৰতিনিধিৰ উপৰি সুদূৰ বৰাক উপত্যকাৰ গৌতম ৰয়েও ব্যক্তিগতভাৱে দুই লাখ টকা আগবঢ়োৱাৰ কথা জানো। ব্যক্তিগত জীৱনত কোনোদিন অভাৱ-অনাটনৰ মুখামুখি নোহোৱা তথা কাৰো ওচৰত হাত নপতা হেমলতা দত্তই ৰাজহুৱা প্ৰতিষ্ঠানটোৰ বাবে ‘আৰ্থ ফিলিঙ’ৰ বাবে মাটি এগাড়ী পৰ্যন্ত বিচৰা আমি নিজ চকুৰে দেখিছো। মুঠতে দিনে-ৰাতিয়ে, খাওঁতে-শোওঁতে, উঠোতে-বহোতে হেমলতা দত্তই কাণ্ট্ৰী উইমেনছৰ কথা ভাবিছিল, নিৰাশ্ৰয় বৃদ্ধা-মহিলা আৰু কৰ্মৰত মহিলাৰ বাবে আৱাস এটা নিৰ্মাণৰ কথা ভাবিছিল, প্ৰকৃত অৰ্থত মহিলা সবলীকৰণৰ বিষয়ে চিন্তা কৰিছিল আৰু এইবোৰ কামত উঠিপৰি লাগিছিল। তেওঁৰ এই আশাশুধীয়া প্ৰচেষ্টাৰ বলতেই অৱশেষত গৃহটো সম্পূৰ্ণ হৈ উঠিছিল যদিও ইয়াৰ শুভ উদ্বোধনৰ পূৰ্বেই এই পৃথিৱীৰপৰা বিদায় মাগিছিল হেমলতা দত্তই। সপোনৰ এই বৃদ্ধা আৱাসটোত দুৰাতি থকাৰো পৰিকল্পনা কৰিছিল তেওঁ। পিছে এই সপোনো দিঠকত ৰূপায়ণ হোৱা নাছিল। কৃতী শিক্ষয়িত্ৰীৰ ৰাজ্যিক পুৰস্কাৰেই নহয়, ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰা হেমলতা দত্তই বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল। নিজে এইদৰে পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে ভ্ৰমি ফুৰাৰ লগতে তেওঁ আন মহিলাসকলকো আগুৱাই লৈ গৈছিল। এবাৰ যোৰহাটৰ ১৪ গৰাকী মহিলাক স্কটলেণ্ডলৈ লৈ যোৱাৰ কথা আমাৰ স্পষ্টকৈ মনত আছে। সমাজৰ প্ৰতি দায়বদ্ধ এই মহিলাগৰাকীয়ে একাধিক ভ্ৰমণ কাহিনীকে ধৰি মুঠ ছখন মূল্যৱান গ্ৰন্থ প্ৰণয়ন কৰিছিল আৰু ইয়াৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰৰ সাহিত্যিক পেন্সন লাভ কৰিছিল।

মৃত্যুৰ দুদিন পূৰ্বেও আমি টেলিফোনেৰে হেমলতা দত্তৰ সৈতে কথা পাতিছিলো, চুপতি মাৰিছিলো। ডাঙৰজনী ছোৱালীৰ বাবে ভাল ল’ৰা এটা চোৱাৰ কথা কৈছিলো। লগতে যদি ল’ৰা চাব নোৱাৰে, তেনেহ’লে চেনি জৰা নিয়মটোকে শিকাই দিয়াৰ প্ৰস্তাৱো দিছিলো।আনকি মৃত্যুৰ দিনাও তেওঁলৈ ফোন কৰিছিলো যদিও ফোনটো ড্ৰাইভাৰজনে ধৰি ‘আইতাৰ গাটো অলপ বেয়া’ বুলি কৈছিল। এই সকলোবোৰ এতিয়া স্মৃতি মাথোঁ। সেই যে ফটা গেঞ্জি পিন্ধি গাড়ী ধুই থাকোতে প্ৰথম মুখামুখি হৈছিলো, তাৰ পিছত বিগত ২২ টা বছৰ মানুহগৰাকীৰ ব্যক্তিত্বত মুগ্ধ হৈ থাকিলো। মা ঢুকোৱাৰ পিছত সেই অভাৱ বহুখিনি পূৰণ কৰিছিল হেমলতা দত্তই। এদিন তেৱোঁ আঁতৰি গৈছিল। সেই আঁতৰি যোৱাৰ পিছত ‘দেশৰ মহিলা’গৰাকী আৰু কোনোদিন আমাৰ ঘৰলৈ অহা নাই। ‘আইনগত মা’ বুলি কোৱাৰ বাবে তেওঁ আৰু কোনোদিন আমাক জবাবদিহি কৰা নাই। চাহত চেনি জাৰি দিয়াৰ কথা কৈ সেই মৰমসনা গালি শুনাৰ সুযোগ আৰু কোনোদিনে পোৱা নাই। চিৰন্তন সত্য এয়ে যে তেওঁ আৰু কোনোদিন আমাৰ ঘৰলৈ নাহিব, কোনো কথাতে আমাক জবাবদিহি নকৰিব আৰু মৰমসনা গালি শুনাৰ সুযোগ কোনোদিন নিদিব। কথাষাৰ ভাবিলেই বুকুখন মোচৰ খাই যায়। এৰি অহা দিনবোৰলৈ ক্ষণিকৰ বাবে হ’লেও যদি উভতি যাব পাৰিলোহেঁতেন !

মাৰ ফালৰ ককা কাশীনাথ শইকীয়া আছিল অসমত বিদ্যুৎ উদ্যোগৰ পথিকৃত্

August 11, 2015

আমাৰ জীৱনক বিশেষভাৱে প্রভাৱিত কৰা বাবা মামাৰ প্রসংগই আমাক আৰু এজন মানুহৰ কথা বৰকৈ মনত পেলাই দিছে৷প্রকৃততে জীৱনৰ পাঠশালাত আমাৰ প্রথমজন শিক্ষক আছিল দেউতা প্রয়াত থানেশ্বৰ দত্ত৷ক’বলৈ গ’লে দেউতাৰ হাতত ধৰিয়েই আমি জীৱনৰ আদবয়স পাৰ কৰিছিলো৷ দেউতা আছিল আমাৰ বাবে এটা অনুকৰণীয় আদর্শ৷ দেউতাই প্রথম অৱস্থাত ব্যৱসায় আৰু পিছৰ ফালে ৰাজনীতিত মনোনিৱেশ কৰিছিল৷ আমিও দেউতাই কাটি দিয়া সেই বাটেৰেই আগবাঢ়িছিলো৷ প্রথম অৱস্থাত ব্যৱসায় কৰাৰ পিছত আমি পিছৰ ফালে সক্রিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিলো৷ এইক্ষেত্রত আমাৰ অনুপ্রেৰণা হিচাপে আৰু এজন ব্যক্তিৰ বিমূর্ত উপস্থিতি আমি অনুভৱ কৰিছিলো৷ সেইজন হৈছে আমাৰ মাৰ ফালৰ ককা প্রয়াত কাশীনাথ শইকীয়া৷ আমি সৰু থাকোতেই ককাৰ মৃত্যু হৈছিল৷ সেয়ে ককাক বৰ বেছি দিন কাষৰপৰা পোৱাৰ সৌভাগ্য হোৱা নাছিল আমাৰ৷ মাৰ ফালৰ বাবে এনেও কমকৈ লগ পাইছিলো৷এনেবোৰ কাৰণতে ১৯৬২ চনতে মৃত্যু হোৱা ককাৰ মুখখনো আমাৰ এতিযা স্পষ্টকৈ মনত নাই৷ ককাৰ প্রসংগ ওলালে এতিয়া কেৱল ধূঁৱলী-কুঁৱলী এখন ছবিহে আমাৰ মনলৈ আহে৷ শৈশৱ আৰু কৈশোৰত মাহঁতৰ মুখত ককাৰ কাহিনী শুনি আমি ৰোমাঞ্চিত হৈছিলো, বুজি পোৱা বয়সত ককা আমাৰ বাবে হৈ পৰিছিল সমনীয়াৰ আগত বুকু ফিন্দাই দিব পৰা এটা পৰিচয়৷সময়ৰ পাকচক্রত পৰি জীৱনৰ শেষ বয়সত ককা সর্বস্বান্ত হৈছিল হেনো, গুৱাহাটীৰ ৰাজপথত ছিগা ছেণ্ডেল পিন্ধি খোজ কাঢ়ি ফুৰিবলগীয়া হৈছিল এসময়ত পৰিপাটিকৈ চাহাবী পোছাক পিন্ধা মানুহজন৷এয়াও যেন এক ইতিকথা৷প্রয়াত বেথাৰাম শইকীয়া আছিল যোৰহাটৰ নাওবৈচা গাঁৱৰ এজন প্রতিপত্তিশীল লোক৷ শালমৰা মৌজাৰ মৌজাদাৰ বেথাৰাম শইকীয়াক ব্রিটিছ চৰকাৰে ‘ৰায়বাহাদুৰ’ উপাধি দিছিল৷ তেওঁ তিনিগৰাকী পত্নীৰ পাণিগ্রহণ কৰিছিল৷ প্রথমগৰাকী পত্নীৰ চাৰিজন ল’ৰা৷যথা— প্রয়াত ৰামেশ্বৰ শইকীয়া, প্রয়াত কেমন শইকীয়া, প্রয়াত কমল শইকীয়া আৰু প্রয়াত কাশীনাথ শইকীয়া৷দ্বিতীয়গৰাকী পত্নীৰ দুজন ল’ৰা৷যথা— প্রয়াত ৰাধানাথ শইকীয়া আৰু প্রয়াত ৰজনী শইকীয়া৷ সেইদৰে তৃতীয়গৰাকী পত্নীৰো দুজন ল’ৰা৷যথা— প্রয়াত কৃষ্ণনাথ শইকীয়া আৰু প্রয়াত কেশৱ শইকীয়া৷ প্রয়াত বেথাৰাম শইকীয়াৰ এগৰাকী ভাতৃ প্রয়াত সাধিৰাম শইকীয়াৰ দুজন পুত্র ক্রমে প্রয়াত বদন শইকীয়া আৰু প্রয়াত বিপিন শইকীয়া৷‘ৰায়বাহাদুৰ’ প্রয়াত বেথাৰাম শইকীয়াৰ প্রথম পুত্র প্রয়াত ৰামেশ্বৰ শইকীয়াৰ জীয়াৰী পুষ্পলতা দাসৰ বিষয়ে বহলাই কোৱাৰ প্রয়োজন নাই৷ মন্ত্রী, বিধায়ক, সাংসদ হোৱাৰ উপৰি তেওঁ আছিল এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্রামী৷পুষ্পলতা দাসৰ স্বামী অমিয় কুমাৰ দাসো আছিল এজন প্রখ্যাত গান্ধীবাদী৷প্রয়াত কেমন শইকীয়া আৰু প্রয়াত কমল শইকীয়া মৌজাদাৰ আছিল৷ কাশীনাথ শইকীয়াই ১৯২৩ চনতে যোৰহাটত স্থাপন কৰা বিদ্যুৎ সৰবৰাহ কোম্পানীত কমল শইকীয়াই সঞ্চালক হিচাপে কাম কৰিছিল৷প্রয়াত কমল শইকীয়াৰ কন্যা অঞ্জলী শইকীয়া (পিছলৈ অঞ্জলী দত্ত) আমাৰ মা৷‘ৰায়বাহাদুৰ’ বেথাৰাম শইকীয়াৰ টকাৰ অভাৱ নাছিল৷ সেয়ে ১৮৯৪ চনত জন্মগ্রহণ কৰা কাশীনাথ শইকীয়াই তাহানিয়ে সুদূৰ কলিকতালৈ গৈ পঢ়া-শুনা কৰিছিল৷ বেথাৰাম শইকীয়াৰ তত্ত্বাৱধানত তেওঁৰ আটাইকেইটা সন্তানেই উচ্চ শিক্ষিত হৈছিল৷মাহঁতৰ মুখত শুনা মতে, সেই কালতে হেনো ককাহঁতৰ আটাইকেইজন ভাই-ককাই গ্রেজুৱেট আছিল৷ তেওঁলোকৰ কে’বাগৰাকী নাতি-নাতিনীয়ে বর্তমান বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰিছে৷ কোনোবাজন যদি উচ্চপদস্থ চৰকাৰী বিষয়া, কোনোবাজন নাম কৰা ব্যৱসায়ী অথবা সাংবাদিক৷‘আছাম টকছ’ৰ এডিটৰ ইন চীফ অতনু ভূঞাও এনে এগৰাকী সুযোগ্য নাতি৷ স্কুলীয়া শিক্ষা যোৰহাটত সমাপ্ত কৰি কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৯১৩ চনতে বিজ্ঞানৰ স্নাতক হোৱাৰ পিছত ককা কাশীনাথ শইকীয়াই ৰেংগুনৰ এটা প্রখ্যাত কাগজকলত ৰসায়নবিদ হিচাপে চাকৰি কৰিছিল আৰু এসময়ত তেওঁ কাগজকলটোৰ মুখ্য ৰসায়নবিদ হৈছিল৷ সেই কালতে ৰসায়নবিদ হিচাপে এটা ‘পেটেণ্ট’ৰ স্বত্বাধিকাৰী হৈ ককাই ৭৭ হাজাৰ টকা উপার্জন কৰিছিল৷ আজিৰ তাৰিখত যে সেই টকাৰ মূল্য কে’বাকোটি টকা হ’ব, তাত সন্দেহ নাই৷ ৰেংগুনৰ কাগজকলত কাম কৰি থাকোতেই ককাই ইউৰোপ, আমেৰিকা আদিলৈ গৈছিল৷ জাপানতো বহুদিন থকা এই চহকী মানুহজনে হেনো এবাৰ ইংলেণ্ডৰ ক্রয়ডনৰপৰা পেৰিছলৈ যাওঁতে তাহানিয়ে উৰাজাহাজত উঠিছিল৷এনেদৰে উৰাজাহাজত উঠা ককা হেনো প্রথমজন অসমীয়া৷ এটা সময়ত ককা ঘৰলৈ উভতি আহিছিল আৰু বিদেশত অর্জন কৰা ধনেৰে গৃহজিলা যোৰহাটত অসমৰ প্রথমটো বিদ্যুৎ সৰবৰাহ কোম্পানী স্থাপন কৰিছিল৷এয়া ১৯২০ চনৰ কথা৷এই কর্মৰে তেওঁ প্রমাণ কৰি দিলে যে কাশীনাথ শইকীয়া এজন নামকৰা ৰসায়নবিদেই নহয়, এজন অগ্রণী উদ্যোগপতিও৷ বিদ্যুৎ সৰবৰাহ কোম্পানীটোৰ বাবে যন্ত্রপাতি আনিছিল কলিকতা আৰু লণ্ডনৰপৰা৷ বিজুলী বাতিৰ তাঁৰ আঁৰিছিল শালগছৰ খুঁটাত৷দুডাল তামৰ তাঁৰেৰে বিদ্যুৎ সৰবৰাহ কৰিছিল৷ বিজুলী বাতি থকা শালগছৰ খুঁটাবোৰত মানুহে সহজে ঢুকি নোপোৱাত একোটা ‘ছুইচ’ আছিল৷ কোম্পানীয়ে নিয়োগ কৰা এজন মানুহে সদায় গধূলি এখন চাইকেলেৰে আহি দীঘল হাঁকোটা এডালেৰে লাইটবোৰ জ্বলাই গৈছিল আৰু একেদৰেই পুৱাৰ ভাগত এটা এটাকৈ লাইটবোৰ নুমুৱাই গৈছিল৷বাহিৰত থাকোতে ককাই এই কথা ঠিকেই উপলব্ধি কৰিছিল যে সকলো উদ্যোগৰ বাবে প্রথম প্রয়োজন বিদ্যুৎ শক্তিৰ৷ সেয়ে তেওঁ অনেকে চাহ বাগিচা খুলিবলৈ দিয়া পৰামর্শলৈ পিঠি দি বিদ্যুৎ সৰবৰাহ কেন্দ্রহে স্থাপন কৰিছিল আৰু নানা প্রত্যাহ্বানৰ সন্মুখীন হৈও এই উদ্যোগটো চলাই নিছিল৷নিজৰ ঠাইখন আৰু ইয়াৰ মানুহখিনিৰ প্রতি যে ককাৰ আন্তৰিক দায়বদ্ধতা আছিল, সেই কথাৰ প্রমাণ পোৱা যায় উদ্যোগটোত কর্মী নিয়োগৰ বেলিকা৷বিদ্যুৎ সৰবৰাহ কেন্দ্রটোত তেওঁ বাহিৰৰ লোক নিয়োগ কৰাৰ সলনি নাওবৈচা, পটীয়াগাঁও, বৰিগাঁও আদিৰ বহু থলুৱা লোকক চাকৰি দিছিল৷ অসমৰ বিদ্যুৎ উদ্যোগৰ পথিকৃত কাশীনাথ শইকীয়া এটা সময়ত থমকি ৰ’বলৈ বাধ্য হৈছিল৷ তেওঁ প্রথমে কলিকতাৰ এটা কোম্পানীক উদ্যোগটো চলোৱাৰ দায়িত্ব দিয়ে৷ পিছত কোম্পানীটোৰ সৈতে মনোমালিন্য হোৱাত পি ডি হিমৎসিংকাৰ কাষ চাপে৷ পিছত এই হিমৎসিংকায়েই কলিকতাৰ উচ্চ ন্যায়ালয়ত ককাৰ বিৰুদ্ধে বহু টকা পাওনাৰ এটা গোচৰ তৰে আৰু এই গোচৰত ককা হাৰে৷ দুর্দিনৰ যেন আৰম্ভণি হৈছিল তেতিয়াই৷ কোম্পানী হেৰুওৱাৰ পিছত অদমনীয় ককাই গাৰো পাহাৰত চিমেণ্ট ফেক্টৰীও খুলিছিল৷অৱশ্যে এই উদ্যোগো ব’ম্বেৰ এটি কোম্পানীৰ হাতলৈ যায়৷সি যি কি নহওক, উদ্যোগপতি ককা ৰাজনীতিৰ সৈতেও জড়িত হৈ পৰিছিল৷তেওঁ ব্রিটিছৰ শাসনকালতেই দুবাৰ অসম লেজিছলেটিভ কাউন্সিললৈ মনোনীত হৈছিল৷এবাৰ ১৯২৬ চনত আৰু আনবাৰ ১৯৩১ চনত৷ প্রথমবাৰ তেওঁ এজন ইংৰাজক পৰাভূত কৰি এইদৰে লেজিছলেটিভ কাউন্সিললৈ মনোনীত হৈছিল৷আমি ব্যৱসায়েৰে কর্মজীৱন আৰম্ভ কৰি পিছত ৰাজনীতিৰ ক্ষেত্রখনলৈ অহাৰ ক্ষেত্রত দেউতাৰ আদর্শ আৰু অনুপ্রেৰণাই সর্বাধিক আছিল যদিও কোনোবাখিনিত যে ককাও আছিল তাত সন্দেহ নাই৷ককা এসময়ত নিজে এম এল এ হোৱাৰ উপৰি তেওঁ পাণিগ্রহণ কৰিছিল গোলাঘাটৰ প্রখ্যাত চাহ ব্যৱসায়ী তথা অসমৰ একালৰ মন্ত্রী ঘনশ্যাম বৰুৱাৰ কন্যাৰ৷আজি ককাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ যোৰহাটবাসী আগুৱাই অহাটো সন্তোষৰ কথা৷কিয়নো, ১৯২৩ চনতে ককাই যোৰহাট ইলেকট্রিক ছাপ্লাই কোম্পানী প্রতিষ্ঠা কৰিছিল, যাৰ ফলত অসমৰ ভিতৰতে প্রথম বিজুলী বাতি জ্বলিছিল যোৰহাট চহৰত৷ ১৯৬২ চনৰ ৮ মে’ত মৃত্যুবৰণ কৰা ৰায়বাহাদুৰ বেথাৰাম শইকীয়াৰ পুত্র, আমাৰ ককা প্রয়াত কাশীনাথ শইকীয়া যে অসমৰ বাটকটীয়া উদ্যোগপতি আছিল, এই কথাত কাৰো দ্বিমত থাকিব নালাগে৷কাগজ তৈয়াৰ কৰা পদ্ধতি শিকিবলৈ সেই তাহানিয়ে ককা জাপানলৈ গৈছিল৷সুদূৰ জাপানত শিকি-বুজি আহি ১৯২১ চনতে তেওঁ অসমত এটা কাগজকল স্থাপনৰ চেষ্টা কৰিছিল৷ এই কামত সফল নহ’ল যদিও পিছত ১৯২৩ চনত যোৰহাটত অসমৰ প্রথমটো বিদ্যুৎ সৰবৰাহ কোম্পানী প্রতিষ্ঠা কৰে৷ এই কোম্পানীটোকেই পিছত হিমৎসিংকাৰ হাতৰপৰা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে অধিগ্রহণ কৰে৷ যোৰহাটত ইলেকট্রিক মটৰেৰে ধানকল চলোৱা আৰু পানী যোগান ধৰা প্রথমজন মানুহ আছিল আমাৰ ককা প্রয়াত কাশীনাথ শইকীয়া৷নতুন পুৰুষক কাশীনাথ শইকীয়াই কাটি দিয়া বাটটোৰে আগুৱাই নিবলৈ হ’লে, তেওঁলোকক চাকৰিমুখী নহৈ ব্যৱসায়ত মন দিয়াৰ বাবে পতিয়ন নিয়াবলৈ হ’লে কাশীনাথ শইকীয়াৰ দৰে ব্যক্তিৰ স্মৃতি যুগমীয়া কৰিবই লাগিব৷এদিন ইংলেণ্ড, ফ্রান্স আদি পাশ্চাত্যৰ দেশত বিজুলী বাতি জ্বলা দেখি নিজৰ যোৰহাটখনো পোহৰাই তুলিবলৈ আমাৰ ককা কাশীনাথ শইকীয়া উঠিপৰি লাগিছিল আৰু এইক্ষেত্রত তেওঁ সফলো হৈছিল৷ভাবিলেই ভাল লাগি যায়৷

আমাৰ জীৱনত যাৰ অসীম প্ৰভাৱ আছে, যাক আমি অনুকৰণ কৰিছিলো ...

July 21, 2015

ৰাজনীতিৰপৰা অলপ ব্যক্তিগত জীৱনলৈ আহো। অপৰিপক্ব হাতেৰে এই শিতানটো লিখিবলৈ মৰসাহ কৰাৰ সময়তে আমি এই কথা ঘোষণা কৰিছিলো যে মনৰ ভাববোৰ প্ৰকাশ কৰোতে আমাৰ অগা-ডেৱা হ’ব পাৰে। বিস্মৃতিৰ তাণ্ডৱত স্মৃতিবোৰ দিশহাৰা হোৱাৰ বাবেই হওক অথবা আকৰ্ষণীয় উপস্থাপন কৌশল আয়ত্ত কৰাত বিফল হোৱাৰ বাবেই হওক, আমি চেষ্টা কৰা সত্ত্বেও জীৱন কাহিনীৰ ক্ৰম ৰক্ষা কৰাত সফল হ’ব পৰা নাই। কেতিয়াবা একোটা ঘটনাৰ সোঁতে আমাক শৈশৱৰপৰা নি একেবাৰে আদবয়স পোৱাই দিয়ে।পিছ মুহূৰ্ততে শৈশৱৰ আন এটা ঘটনাই আমাক পুনৰ আদবয়সৰপৰা ঘূৰাই আনে।ঠিক যেন সুনীল আকাশত উৰি থকা ৰঙীন চিলাখনৰ দৰেই। কিছু দূৰ উৰিবলৈ এৰি দি পুনৰ গাৰফালে টানি অনাৰ দৰেই যেন এই ঘটনা। আকৌ এবাৰ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ সেই দিনবোৰলৈ উভতি চাওঁতে এখন মুখে আমাক বৰকৈ আমনি কৰিছে। সেই মুখখন বাবা মামাৰ। বাবা মামাৰ কথা ভাবিলে এৰি অহা দিনৰ অলেখ স্মৃতিয়ে আমাৰ মনটো জুমু্ৰি দি ধৰে। এই মুহূৰ্ততে চিনেমাৰ ৰিলৰ দৰেই যেন তড়ি়ৎ গতিৰে ইখনৰ পিছত সিখন ছবি চকুৰ আগেৰে পাৰ হৈ গৈছে আৰু মনৰ পৰ্দাত জীৱন্ত হৈ উঠিছে শৈশৱ, কৈশোৰ আৰু যৌৱনৰ নানা স্মৃতি--- যি স্মৃতিৰ সৈতে বাবা মামাৰ নামটো এৰাব নোৱৰাকৈ সাঙোৰ খাই আছে। তেতিয়া আমি ষষ্ঠ নে সপ্তম শ্ৰেণীৰ ছাত্ৰ। মামাই আমাৰ শিৱসাগৰৰ গায়েন গাঁৱৰ ঘৰত থাকি চাকৰি কৰে। চাকৰিৰপৰা উভতি আহি ক্লাবলৈ যোৱাটো মামাৰ এক অভ্যাস আছিল।তেতিয়া আজিৰ দৰে ষ্ট্ৰীটলাইট নাছিল আৰু সেয়ে নিশাৰ আন্ধাৰত এইদৰে অহা-যোৱা কৰাৰ বাবে মামাই মাৰপৰা গালিও শুনিবলগীয়া হৈছিল। এদিন ক্লাবৰপৰা উভতি আহোতে মামাই দেখিলে প্ৰতিৱেশী মানুহ এঘৰৰ এগৰাকী যুৱতী আমাৰ বাঁহৰ জপনাৰ কাষতে থিয় দি আছে। পিন্ধনত বগা সাজ।যুৱতীগৰাকী আছিল নাৰ্ছ। গতিকে বগা সাজেৰে সৈতে তেওঁ সকলোৰে চিনাকি আছিল। মামাই যুৱতীগৰাকীক মাত দিলে, সেই নিশাৰ ভাগত কিয় এইদৰে বাহিৰত থিয় দি আছে সুধিলে আৰু ঘৰ পাই মাক সকলো বিৱৰি ক’লে। আমি তেতিয়াও শোৱা নাছিলো। মায়ে সেই নিশা একো নক’লে যদিও পিছদিনা মামাক সকলো ক’লে। প্ৰতিৱেশী সেই যুৱতীগৰাকীয়ে হেনো মামাই লগ পোৱাৰ এদিন পূৰ্বেই আত্মহত্যা কৰিছিল। অৰ্থাৎ সেয়া আছিল যুৱতীগৰাকীৰ আত্মাহে। কথাটো শুনি স্বাভাৱিকতেই মামা ভয়ত পেপুৱা লাগিছিল। পিছত ঘটনাটো এনেদৰে চৰ্চা হৈছিল যে তুলাৰাশিৰ মানুহে হেনো সেইদৰে আত্মা দেখা পায়। আমাৰ মাহীৰ ল’ৰা, জ্যেষ্ঠ্ সাংবাদিক অতনু ভূঞাৰ ক্ষেত্ৰতো হেনো তেনে এক ঘটনা ঘটিছিল। অতনুৰ দেউতাক অৰ্থাৎ আমাৰ মহা ঢুকোৱাৰ পিছত হেনো অতনুৱে এদিন দেউতাকক খিৰিকীৰ কাষত থিয় দি তেওঁলৈ চাই থকা দেখিছিল। এই ঘটনাটো ঘটিছিল মৃত্যুৰ তিনিদিনৰ ভিতৰতে, যেতিয়া তেওঁলোকে মাটিত শয়ন কৰিছিল। তিলনিলৈকে মৃতকৰ আত্মা এইদৰে আত্মীয়ৰ আশে-পাশে ঘূৰি থাকে বুলি যি বিশ্বাস প্ৰচলিত হৈ আহিছে তাৰ ভিত্তিতেই নানা আচাৰ-অনুষ্ঠান পালন কৰা হয় বুলি ভবাৰ থল আছে।মৃত্যুৰ তিনিদিন পিছলৈকে হেনো মানুহৰ চকুযুৰিয়ে দেখি থাকে। সেয়ে মৃত্যুৰ পিছত চকুহালি জপাই দিয়া হয় আৰু তুলসী পাতেৰে ঢাকি দিয়া হয়। এইক্ষেত্ৰত বিজ্ঞান আৰু বিশ্বাস কাৰ ভিত্তি বেছি সেয়া একেষাৰে কোৱা কঠিন। আমাৰ জীৱনত মামাৰ অসীম প্ৰভাৱ আছে। সেয়া ব্যৱসায়িক জীৱনতেই হওক, ৰাজনৈতিক জীৱনতেই হওক অথবা ব্যক্তিগত জীৱনতেই হওক। সেই যে আমি হাইস্কুলৰ তলৰ শ্ৰেণীত পঢ়ি থাকোতে মামাই আমাৰ গায়েন গাঁৱৰ ঘৰত থাকি চাকৰি কৰিছিল সেই দিনবোৰত মামা যেন আমাৰ বাবে ছান্তাক্ল’জহে আছিল।অফিচৰপৰা উভতি আহোতে মামাই প্ৰায়েই আমালৈ চকলেট আনিবলৈ পাহৰা নাছিল। পিছে সেই সুখৰ দিনৰ এদিন অন্ত পৰিছিল।এদিন চাকৰিসূত্ৰে বদলি হৈ মামা অন্য ঠাইলৈ গুচি গৈছিল।আজিও স্পষ্টকৈ মনত আছে, সেইদিনা আমি খুব কান্দিছিলো। চকলেট দিয়া ছান্তাক্ল’জজন দূৰণিলৈ গুচি যোৱাৰ দুখত। আমি যেতিয়া হাইস্কুলৰ ডেওনা পাৰ হৈ কলেজ পালো, তেতিয়াও মামাই আমাক তাহানিৰ সৰু ল’ৰাটোৰ দৰেই মৰম কৰি থাকিল।আমি শিৱসাগৰ কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আলোচনী সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিলো | সেইবেলি মামাই আমাক নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজন হোৱা কাৰ্ডখিনি ছপাই দিছিল। কাৰ্ডখনৰ এপিঠিত আমাক ভোট দিবলৈ অনুৰোধ জনোৱাৰ বিপৰীতে আনটো পিঠিত কলেজৰ ৰুটিনখন ছপা কৰি দিয়া হৈছিল।সেয়াও আছিল মামাৰেই ‘ইন’ভেটিভ আইডিয়া’। এনে কৰিলে হেনো কাৰ্ডখন ছাত্ৰ-ছাত্ৰীসকলে পেলাই দিয়াৰ সম্ভাৱনা নাথাকে। কাৰ্ডৰ সৈতে একোটাকৈ কলম দিয়াৰ কথাও মনত আছে। এই সকলোখিনি মামাই যোগান ধৰিছিল যদিও কথাটো ৰাজহুৱা কৰিবলৈ বাধা দিছিল।এনেদৰেই আমাৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ কালছোৱাত মামাই আন্তৰৰ অকৃত্ৰিম শুভ-ইচ্ছা আৰু সমৰ্থনেৰে আমাক উৎসাহিত কৰিছিল, প্ৰেৰণা যোগাইছিল। আজি যদি ৰাজনীতিৰ পথাৰখনত আমি সামান্যও সফলতা অৰ্জন কৰিছো, তেনেহ’লে এই সফলতাৰ আঁৰত মামাৰ শুভ-ইচ্ছা আৰু সমৰ্থনখিনিও আছে। কলেজীয়া অধ্যায়ৰ পিছত যেতিয়া আমি সৰু-সুৰা ঠিকাৰ কাম হাতত লৈ স্বাৱলম্বী হোৱাৰ যুঁজখন আৰম্ভ কৰিছিলো, তেতিয়াও যেন মামাই আমাক ছত্ৰৰ দৰেই ছাঁ দি ৰাখিছিল, আশ্ৰয় দিছিল। বন্ধু অজিত ৰঞ্জন গগৈ, ৰাজীৱ বৰুৱা (বাবুল) আৰু আমি মামাৰপৰা এশটকীয়া বৰঙণি আদায় কৰাৰ স্মৃতিও সজীৱ হৈয়ে আছে। সেই সময়ত মামাৰ এখন লেণ্ডমাষ্টাৰ গাড়ী আছিল। এবাৰ ৰাস্তাত গাড়ীখন ৰখাই মামাই অজিত আৰু আমাক এশটকাকৈ দিলে। বাবুলক হয়তো মন কৰা নাছিল।বাবুলে নিজেই মাত দিলে— ‘মামা, মোৰ ক’ত?’ মামাই এইবাৰ বাবুলৰ হাততো কিবা এটা গুঁজি দি তিনিওকে সমানে ভগাই ল’বলৈ ক’লে।এনেবোৰ কাৰণতে আমাৰ বন্ধুমহলৰ মাজতো মামা প্ৰিয়পাত্ৰ আছিল। এবাৰ সৰু ঠিকাৰ কাম এটাত দুহাজাৰ টকাৰ প্ৰয়োজন হৈছিল।ভাবি-গুণী মামাৰ কাষলৈকে যোৱাৰ সিদ্ধান্ত ল’লো।মামা তেতিয়া ডিব্ৰুগড়ত কৰ্মৰত। বন্ধু অজিতৰ সৈতে মামাৰ ঘৰত উপস্থিত হ’লো।মামীয়ে আদৰ-সাদৰ কৰি ইটো-সিটো খাবলৈ দিলে।মামাই অহাৰ উদ্দেশ্য সুধিলে যদিও মুখ ফুটাই একো ক’ব পৰা নাছিলো। এবাৰত মামী পাকঘৰলৈ যোৱাৰ সুযোগ বুজি অজিতেই মামাক ক’লে— ‘ইয়াক টকা দুহাজাৰ লাগে। আপোনাক ক’বলৈ বেয়া পাইছে।’ মামাই ঘৰৰপৰা কিছু দূৰলৈ আহি আমাৰ হাতত টকা দুহাজাৰ গুঁজি দিছিল আৰু মামীক এই বিষয়ে একো নক’বলৈ কৈছিল। কেইমাহমান পিছত আমি টকাখিনি মামাক ঘূৰাই দিলো। মামাই নালাগে বুলি কৈছিল যদিও পিছত পুনৰ কেতিয়াবা প্ৰয়োজন হ’লে ল’ম বুলি কোৱাতহে তেওঁ সেই টকা ল’বলৈ সন্মত হৈছিল। হাঁহি হাঁহি কৈছিল — ‘মানে ভৱিষ্যতলৈ ৰাস্তা খোলা ৰখা হৈছে। পাৰিবি, ব্যৱসায়ত উন্নতি কৰিব পাৰিবি।’ লগতে মামাই এশটকা এটা হাতত গুঁজি দিবলৈ পাহৰা নাছিল। ধাৰ দিওঁতাৰপৰা ধাৰ লওঁতাই এনেদৰে ওলোটাই সুদ পোৱাৰ উদাহৰণ চাগৈ পৃথিৱীতেই বিৰল। এয়া সম্ভৱ হৈছিল আমাৰ প্ৰতি থকা মামাৰ অকৃত্ৰিম স্নেহৰ বাবেই। মামাৰপৰা এশটকাকৈ বৰঙণি লোৱাত আমি অভ্যস্ত আছিলো। মামা আছিল এগৰাকী বহল অন্তৰৰ পৰোপকাৰী মানুহ। কেৱল আমাকেই নহয়, বিভিন্ন সময়ত আত্মীয়-স্বজন, বন্ধু-বান্ধৱক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়োৱা মামাই কেতিয়াও কাৰো অহিত চিন্তা কৰা নাছিল। আমাৰ জীৱনত মামাৰ বহুত প্ৰভাৱ আছে। ক’ব নোৱৰাকৈয়ে বিভিন্ন কথাত আমি মামাক অনুকৰণ কৰিছিলো। সেয়া খোজ কঢ়াৰ ক্ষেত্ৰতেই হওক, পোছাক-পৰিচ্ছদৰ ক্ষেত্ৰতেই হওক, গাড়ী কিনাৰ ক্ষেত্ৰেতই হওক বা কাৰোবাক আৰ্থিক সাহায্য আৰু ধাৰলৈ দি শ্ৰীমতীক সেই বিষয়ে নোকোৱাৰ ক্ষেত্ৰতেই হওক। মামা আছিল এগৰাকী চকুত পৰা ষ্টাইলিছ ব্যক্তি। তেওঁৰ সৌন্দৰ্য পিপাসু মনটোৱে আমাক তাহানিৰেপৰাই চুম্বকৰ দৰে আকৰ্ষণ কৰি আহিছে। আমি মামাৰ দৰে খোজ কাঢ়িবলৈ চেষ্টা কৰিছিলো, মামাৰ দৰে ধুনীয়া পোছাক পিন্ধিবলৈ চেষ্টা কৰিছিলো। মামাৰ দৰেই গাড়ীৰ প্ৰতি আমাৰো ভীষণ চখ আছে। অৱশ্যে ৰাজনীতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱাৰ পিছত আমি আৰু মামাৰ দৰে গুৰু-গম্ভীৰ খোজ দিব নোৱৰা হ’লো। সি যি কি নহওক, আমাৰ জীৱনযাত্ৰাত মামা কিদৰে পথ প্ৰদৰ্শক হৈ ৰৈছে তাৰ এটা সৰু উদাহৰণ দিলে কথাষাৰ স্পষ্ট হ’ব। মামাৰ ডাঙৰজনী ছোৱালী তেতিয়া তিনি-চাৰি বছৰীয়া। আমি ইতিমধ্যে ব্যৱসায়ত এটা পৰ্যায়লৈ প্ৰতিষ্ঠা লাভ কৰি গাড়ী এখন কিনিছো। তাইৰ জন্মদিনলৈ যাওঁতে ধেমালিৰ সুৰেৰে মামাক ক’লো— ‘জন্মদিন ডাঙৰকৈ পাতিব লাগিছিল।’ মামাই আমাক প্ৰশ্ন কৰিলে— ‘মই মৰিলে মোৰ ছোৱালী দুজনীক চাবিনে?’ আমি চাম বুলি কোৱাত মামাই পুনৰ ক’লে— ‘মিছা কথা, অবাস্তৱ, এমাহ-দুমাহ হয়তো চাবি। পিছে সদায় চাই থকাটো সম্ভৱ নহয়।’ লগতে বুজনিৰ সুৰেৰে ক’লে— ‘জন্মদিন বুলি ঘৰৰ মানুহখিনি লগ হৈছো, তাতকৈ আৰু কি লাগিছে? শুন, জন্মদিনত অযথা বহুত টকা খৰচ কৰাতকৈ অলপ সোণ কিনি দিয়া ভাল। পিছলৈয়ো কথাষাৰ মনত ৰাখিবি। লগতে জন্মৰ লগে লগে বেংকত ৰেকাৰিং ডিপ’জিত এটাও খুলি দিব লাগে।যাতে কেতিয়াবা আমি নোহোৱা হৈ গ’লেও সন্তানৰ কোনো অসুবিধা নহয়।’ মামাৰ সেই কথা ইমানেই পছন্দ হৈছিল যে পৰৱৰ্তী সময়ত আমাৰ তিনিওজনী ছোৱালীৰ ক্ষেত্ৰতে সেই কথা আখৰে আখৰে পালন কৰা হৈছে। সিহঁতৰ জন্মৰ লগে লগে বেংকত ৰেকাৰিং ডিপ’জিত খোলা হৈছে, সেই ডিপ’জিতৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত সমুদায় ধনৰাশি ফিক্সড ডিপ’জিত কৰি অহা হৈছে। এতিয়াও সিহঁতৰ প্ৰতিটো জন্মদিনত আমি কিছু পৰিমাণে সোণ কিনি দিওঁ। এয়াই আমাৰ জীৱনত মামাৰ নিৰৱচ্ছিন্ন প্ৰভাৱ। স্পষ্টকৈ মনত আছে— আমাৰ প্ৰথমগৰাকী কন্যাৰ জন্মৰ সময়ত মামাই সোণ কিনা আৰু বেংকত একাউণ্ট খোলাৰ কথাটো পুনৰ মনত পেলাই দিছিল।আমিও আগ্ৰহেৰেই শিৱসাগৰৰ কানাড়া বেংকত এহাজাৰ টকা দি প্ৰথমগৰাকী কন্যাৰ নামত একাউণ্ট এটা খুলিছিলো। এদিন হঠাৎ এটা ফোন কল আহিছিল। এক অনাকাংক্ষিত খবৰ কঢ়িয়াই অনা সেই ফোন কলটো আছিল অনুপদাৰ।মামাৰ হেনো ষ্ট্ৰ’ক হৈছে। জি এন আৰ চিত চিকিৎসাধীন হৈ আছে। আমি অলপো পলম নকৰি, ততাতৈয়াকৈ জি এন আৰ চি পাইছিলো। দেখিছিলো আই চি ইউত মামা শয্যাগত হৈ আছে। মামাৰ সেই ৰূপটো দেখি আমি অন্তৰত সাংঘাতিক দুখ পাইছিলো। বুকুখন যেন মোচৰ খাই গৈছিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো— মামা যেন সোনকালেই সুস্থ হৈ উঠে। ইয়াৰ পিছত মামাৰ মগজুৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ল। সেই অস্ত্ৰোপচাৰৰ তিনিদিন পিছত যেতিয়া মামাৰ চেতনা ঘূৰি আহিল, তেতিয়া শ্ৰীমতীক লগত লৈ মই আকৌ মামাৰ ওচৰলৈ ঢপলিয়াই গ’লো। আমাক দেখি মামাই ইংৰাজীতে, অস্পষ্টভাৱে তেওঁৰ চেতনা ঘূৰি অহাৰ কথা ক’লে। স্বাভাৱিকতেই মামাক সেই ৰূপত দেখি আমাৰ মনৰপৰা যেন ক’লীয়া ডাৱৰ এচপৰা আঁতৰি গ’ল। পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে আমি উজনিলৈ গ’লো। উজনিত থাকোতেই পুনৰ অনুপদাৰ ফোন পালো। সেই ফোন কলটোৱেও কঢ়িয়াই আনিছিল আন এক অনাকাংক্ষিত খবৰ। মামা আৰু নাই। আমি উচুপি উঠিছিলো। চকুপানীক বাধা দি ৰখাৰ ধৈৰ্য আৰু মনোবল যেন কেই মুহূৰ্তমানৰ বাবে আমি হেৰুৱাই পেলাইছিলো। মামা আজি নাই। কথাষাৰ ভাবিলেই বুকুখন বিষায়। তাহানি হাইস্কুলত পঢ়ি থাকোতে মামা যেতিয়া চাকৰিসূত্ৰে বদলি হৈ অন্য ঠাইলৈ গুচি গৈছিল, সেইদিনাও কান্দিছিলো। পিছে সেই আঁতৰি যোৱা আছিল খন্তেকীয়া।আমাৰ গায়েন গাঁৱৰ ঘৰৰপৰা গুচি গৈছিল যদিও মামা এই পৃথিৱীৰ কোনোবাখিনিত আছিল। আগৰ দৰে সদায় নহ’লেও মামাক মাজে মাজে লগ পোৱাৰ বাটটো সদায় মুকলি হৈ আছিল। পিছে এদিন মামাই আমাক জীৱনৰ বাবেই এৰি থৈ গ’ল। এই পৃথিৱীৰ কোনো প্ৰান্তত তেওঁ আৰু নাই। তেওঁৰ ঠিকনা এতিয়া মহাজীৱনৰ সিটো পাৰে থকা কোনোবা অজান মুলুক। আমাক সদায় ছাঁ দি অহা, আশ্ৰয় দি অহা সেই ছাতিটো আঁতৰি যোৱাৰ পিছত আমি প্ৰথম যিজাক বৰষুণত তিতিছিলো, সেইজাক আছিল দুখৰ বৰষুণ। ৰাজহুৱা কৰ্মী হিচাপে আমি জীৱনৰ বাটত লগ পোৱা মানুহৰ সংখ্যা স্বাভাৱিকতেই আনতকৈ বেছি। এনে বহু লোকৰ মৃত্যুত আমি মৃতকৰ আত্মীয়-স্বজনক সান্ত্বনা দিবলৈ কেতিয়াবা গীতাৰ শ্লোক আওৰোৱাৰ পৰামৰ্শ দিছো— যি গীতাই ভাৰতীয় মানুহক যুগ যুগ ধৰি সঠিক পথৰ সন্ধান দি আহিছে, কেতিয়াবা বুদ্ধৰ সেই সৰিয়হমুঠিলৈ মনত পেলাই দিছো— মানুহ নমৰা ঘৰৰপৰা যিমুঠি সৰিয়হ কোনেও আনিব নোৱাৰে। মামাৰ অবৰ্তমানত আমিও বুদ্ধৰ সেই সৰিয়হমুঠিলৈ মনত পেলাই নিজকে সান্ত্বনা দিয়াৰ চেষ্টা কৰিছিলো। জীৱন এনেকুৱাই— কেতিয়াবা হঁহুৱায়, কেতিয়াবা কন্দুৱায়।

blog post

July 6, 2015

বিসম্বাদৰ সন্দেহত শইকীয়াদেৱে মন্ত্ৰিত্ব নিদিছিল, ৰাজনৈতিক ভৱিষ্যতৰ কথা নাভাবি সিদ্ধান্ত লৈছিলো:

১৯৯১ চনৰ বিধানসভা নিৰ্বাচনত যুৱ কংগ্ৰেছৰ ২১ জনকৈ প্ৰতিনিধিয়ে প্ৰাৰ্থিত্ব লাভ কৰা আৰু ইয়াৰে ১৩ জনেই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সকলোৱে ধৰি লৈছিল --- প্ৰদেশ যুৱ কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইমানখিনি যুৱনেতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তথা বিজয়ী হোৱাৰ বাবে পুৰস্কাৰ হিচাপে আমি হিতেশ্বৰ শইকীয়াদেৱৰ মন্ত্ৰীসভাত স্থান পামেই। আমিও মনে মনে প্ৰায় নিশ্চিত হৈ আছিলো যদিও মূৰকত যুৱ কংগ্ৰেছৰ একাধিক জিলা পৰ্যায়ৰ নেতাক মন্ত্ৰিত্ব দিয়াৰ পিছতো আশ্চৰ্যজনকভাৱে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হোৱা সত্ত্বেও শইকীয়াদেৱে আমাক মন্ত্ৰীসভাত স্থান নিদিলে। আমি আচৰিত হোৱাৰ লগতে কিছু অপমানিতবোধো কৰিলো। আমাক মন্ত্ৰীসভাত স্থান নিদিয়াক লৈ সতীৰ্থসকলো আচৰিত হৈছিল আৰু কিছু পৰিমাণে অসন্তুষ্ট হৈছিল। তেওঁলোকৰ বাবে সমগ্ৰ পৰিৱেশটো স্বাভাৱিকতেই অস্বস্তিকৰ হৈ পৰিছিল। এহাতে আশা নকৰাকৈয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে টিকট লাভ, নিৰ্বাচনত জয় লাভ আৰু মন্ত্ৰিত্ব লাভৰ আনন্দ আৰু আনহাতে আমাক মন্ত্ৰিত্ব নিদিয়াৰ বাবে অসন্তুষ্টি। এনে অৱস্থাত কি কৰা উচিত সেই সিদ্ধান্ত সহজে লোৱাটো সম্ভৱ নহয় যদিও শপত গ্ৰহণৰ দিনা পুৱা সতীৰ্থ গৌতম বৰাই মন্ত্ৰিত্বৰ শপত নলয় বুলি জনাই দিলে। আমাৰ যুৱ কংগ্ৰেছী সতীৰ্থসকল প্ৰতিবাদ কৰিবলৈও সাজু হ’ল। আজিৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত কোন নেতাই কি কৰিলেহেঁতেন নাজানো, আমি কিন্তু সতীৰ্থসকলক এইক্ষেত্ৰত উৎসাহিত কৰিব নোৱাৰিলো। কিয়নো কংগ্ৰেছ দলত ভাঙোন হোৱাটো আমি কোনো কাৰণত বিচৰা নাছিলো। গৌতম বৰাৰ উপস্থিতিৰ কথা জানি মন্ত্ৰিত্বৰ বাছনিত নুঠা সেই সময়ৰ দুজন সতীৰ্থ বিধায়ক তথা বৰ্তমানৰ জ্যেষ্ঠ নেতা আমাৰ ঘৰলৈ ঢপলিয়াই আহিছিল আৰু গৌতম বৰাক মন্ত্ৰিত্বৰ শপত ন’লবলৈ একপ্ৰকাৰ প্ৰৰোচিত কৰিছিল। মন্ত্ৰিত্ব নোপোৱাৰ ক্ষোভত আমিও এই কামত সহযোগ কৰিম বুলি তেওঁলাকে আশা কৰিছিল যদিও আমি গৌতম বৰাক মন্ত্ৰিত্বৰ শপত ল’বলৈহে বুজনি তথা জোৰ দিলো। অৱশেষত গৌতম বৰা মান্তি হ’ল। হিতেশ্বৰ শইকীয়াদেৱে কি কাৰণত আমাক মন্ত্ৰীসভাত স্থান নিদিলে সেয়া অস্পষ্ট হৈয়ে আছিল আৰু মনে মনে থিৰাং কৰিছিলো যে বিষয়টোক লৈ অনুমানৰ ভিত্তিত আলোচনা-বিলোচনা কৰি থকাতকৈ তেওঁক ইয়াৰ কাৰণটো পোনপটীয়াকৈয়ে সুধিম। আমাৰ এই পোনপটীয়া আৰু স্পষ্টবাদী স্বভাৱটো বিভিন্ন সময়ত বিভিন্নজনৰ অপ্ৰিয় হোৱাৰ অন্যতম কাৰণ যদিও ভোজমেললৈ গৈয়ে আমি শইকীয়াদেৱক পোনপটীয়াকৈ প্ৰশ্ন কৰিছিলো--- ‘‘মোক আপুনি কিবা কথাত বেয়া পাই মন্ত্ৰীসভাত স্থান দিয়া নাই নে যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে সাংগঠনিক কাম-কাজত ব্যস্ত থাকিবলগীয়া হ’ব বাবে মন্ত্ৰীসভাত লোৱা নাই?”  শইকীয়াদেৱো আছিল স্পষ্টবাদী। তেওঁ আমাক পোনপটীয়াভাৱে কৈছিল --- ‘‘তোমাক বেয়া পাই মন্ত্ৰীসভাত লোৱা নাই।” আমাৰ বাবে এই উত্তৰটো আছিল অনাকাংক্ষিত। আমি শইকীয়াদেৱক বেয়া পোৱাৰ কাৰণটো জনাবলৈ অনুৰোধ জনালো। শইকীয়াদেৱেও স্পষ্ট ভাষাৰে ক’লে--- ‘‘তুমি মোৰ বিৰুদ্ধে বিসম্বাদত লিপ্ত হৈছা। মোৰ সলনি কেশৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ তোমাৰ ঘৰত মিটিং পতাৰ কথাও মই জানো।” শইকীয়াদেৱৰ কথা শুনি আমাৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হ’ল। আমাৰ বুজিবলৈ বাকী নাথাকিল যে কোনোবাই আমাৰ বিৰুদ্ধে শইকীয়াদেৱক কথা লগাইছে আৰু তেওঁক ভুল পথেৰে পৰিচালিত কৰিছে। শইকীয়াদেৱে তেওঁলোকৰ কথা সহজতে বিশ্বাস কৰাৰ কাৰণ এটাও নথকা নহয়। আমি যুৱ কংগ্ৰেছৰ সভাপতি হৈ থকাৰ সময়ত গুৱাহাটীত আমাৰ কোনো স্থায়ী ঠিকনা নাছিল। অৰ্থাৎ থাকিবলৈ ঘৰ নাছিল। ইপিনে কেশৱ গগৈদেৱৰ গুৱাহাটীত স্থায়ী ঘৰ আছিল আৰু সেয়ে তেওঁৰ বিধায়ক আৱাসটো খালী হৈ এনেয়ে পৰি আছিল। আমি আমাৰ সমস্যাৰ বিষয়ে অৱগত কৰি অনুৰোধ কৰাত তেওঁ সেই আৱাসটো ব্যৱহাৰৰ অনুমতি দিছিল। নিৰ্বাচনত জয়লাভ কৰাৰ পিছতো আমি সেই আৱাসটোতে আছিলো আৰু সেয়ে সকলোৱে কেশৱ গগৈৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি ধৰি লৈছিল। যিহেতু কেশৱ গগৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সেয়ে ৯১ চনতো তেওঁ মুখ্যমন্ত্ৰিত্বৰ দাবীদাৰ আছিল। ইপিনে হিতেশ্বৰ শইকীয়াদেৱৰ নতুন মন্ত্ৰীসভাত আমাকে ধৰি যুৱ বিধায়কক মন্ত্ৰিত্ব দিব লাগে বুলি এখন স্মাৰকপত্ৰ সাজু কৰি আমাৰ ঘৰত, অৰ্থাৎ কেশৱ গগৈৰ নামত আবণ্টিত বিধায়ক আৱাসত নৱনিৰ্বাচিত যুৱ বিধায়কসকল একলগ হৈছিল। আমি সেই স্মাৰকপত্ৰত চহী কৰা নাছিলো আৰু মন্ত্ৰীসভাত স্থান দিয়া-নিদিয়াটো মুখ্যমন্ত্ৰীৰ এক্তিয়াৰৰ ভিতৰত বুলি তেওঁলোকক বুজনি দিছিলো। এই ঘটনাটোকে ৰহণ সানি প্ৰদেশ যুৱ কংগ্ৰেছৰ সেই সময়ৰ দুজন সম্পাদকে শইকীয়াদেৱক ভুলকৈ বুজাবলৈ চেষ্টা কৰিছিল। যি দুজন সতীৰ্থই এইদৰে শইকীয়াদেৱক কথা লগাইছিল তেওঁলোক বহুদিন ধৰি আমাৰ লগত সেই একেটা ঘৰতে আছিল। নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমি যেতিয়া গুৱাহাটীলৈ পৰিয়াল অনাৰ সিদ্ধান্ত ল’লো আৰু তেওঁলোকক থকাৰ বিকল্প ব্যৱস্থা কৰিবলৈ ক’লো তেতিয়া তেওঁলোকে আমাক বেয়া পালে আৰু ইমানদিনৰ ভাল সম্পৰ্কৰ কথা মুহূৰ্ততে পাহৰি আমাৰ বিৰুদ্ধাচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। সি যি কি নহওক, শইকীয়াদেৱৰ মুখত আমাক মন্ত্ৰীসভাত স্থান নিদিয়াৰ কাৰণটো শুনি গোপীনাথ দাস, মহিবুল হক, চন্দন সৰকাৰকে ধৰি কে’বাজনো সতীৰ্থ প্ৰতিবাদমুখৰ হৈ উঠিল। তেওঁলোকে শইকীয়াদেৱক স্পষ্টকৈ ক’লে--- “অঞ্জন দত্তৰ ঘৰত তেনে ধৰণৰ কোনো বিসম্বাদী কাৰ্যকলাপ চলা নাই। তেওঁক মন্ত্ৰীসভাত স্থান দিব লাগে বুলি আমিহে এখন স্মাৰকপত্ৰ সাজু কৰি তেওঁৰ ঘৰলৈ গৈছিলো। সেইখনতো তেওঁ চহী কৰা নাছিল। আমাৰ আলোচনাত কেশৱ গগৈৰ নামেই ওলোৱা নাই, তেওঁক মুখ্যমন্ত্ৰী পাতিবলৈ বিসম্বাদ কৰা দূৰৰ কথা।” শইকীয়াদেৱৰ ভুল ভাগিল। তেওঁ আমাক বেয়া নাপাবলৈ ক’লে আৰু তেওঁক যে কোনোবাই ভুলকৈ বুজাইছিল সেই কথা স্বীকাৰ কৰিলে। লগতে কম দিনৰ ভিতৰতে মন্ত্ৰীসভাত স্থান দিয়া হ’ব বুলি কথা দিলে। আমি শইকীয়াদেৱক ক’লো তেওঁ যেন সাংবাদিকৰ আগত আমি যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে সাংগঠনিক কামত ব্যস্ত থাকিব লাগিব বাবেহে মন্ত্ৰীসভাত আমাক লোৱা নাই বুলি কয়। তেওঁ মান্তি হল আৰু প্ৰেছৰ সন্মুখত আমি কোৱাৰ দৰেই ক’লে। আমিও একে উত্তৰকে দিছিলো। এই ঘটনাৰ দহ মাহ পিছতে হিতেশ্বৰ শইকীয়াদেৱে আমাক তেওঁৰ মন্ত্ৰীসভাত স্থান দিলে। আমাক বেয়া পাই মন্ত্ৰীসভাত স্থান দিয়া নাই বুলি ক’ব পৰাকৈ থকা সৎসাহস আৰু স্পষ্টবাদিতা, নিজৰ ভুল স্বীকাৰ কৰি আমাৰ দৰে কনিষ্ঠজনকো ‘বেয়া নাপাবা’ বুলি ক’ব পৰাকৈ থকা উদাৰ মনোভাব আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰি দহ মাহ পিছতে আমাক মন্ত্ৰীসভাত স্থান দিয়া বিশ্বাসযোগ্যতাৰ বাবেই হিতেশ্বৰ শইকীয়াদেৱ আজিও নেতা হিচাপে আমাৰ মনত ঢুকি নোপোৱা সুউচ্চ শিখৰতে আছে। প্ৰথমবাৰ বিধায়ক হৈয়ে মন্ত্ৰিত্ব লাভ কৰাৰ পিছত আমি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰপৰা অব্যাহতি বিচাৰি শইকীয়াদেৱৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিলো। দেউতা প্ৰয়াত থানেশ্বৰ দত্তদেৱ এক ব্যক্তি এক পদ নীতিত বিশ্বাসী আছিল আৰু দেউতাক দিয়া কথা ৰাখিয়েই আমি মন্ত্ৰিত্ব লাভৰ পিছত এইদৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিছিলো আৰু উপসভাপতি জীৱন কলিতাক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিছিলো। পিছে দলৰ হাইকমাণ্ডে আমাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল আৰু দুয়োটা কাম একেলগে চলাই থাকিবলৈ কৈছিল। যদিও আমি সভাপতি পদত বাহাল থাকিলো, অনানুষ্ঠানিকভাৱে এই দায়িত্ব পালন কৰিছিল সতীৰ্থ জীৱন কলিতাই।

            নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা ভাবি আপোছৰ মনোভাবেৰে কাম কৰা মানুহ আমি আগেও নাছিলো, এতিয়াও নহয়। ৰাজনীতিৰ সৈতে জড়িত লোকসকল সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। ৰাজনৈতিক নেতাসকলৰ ব্যক্তি আৰু সমাজৰ প্ৰতি ভাল পোৱা থাকিব লাগিব আৰু তেওঁলোকৰ নিজস্ব দৃষ্টিভংগী থকা উচিত। তদুপৰি ৰাজনৈতিক দল এটা, বিশেষকৈ কংগ্ৰেছৰ দৰে বিশাল ব্যাপ্তি থকা সৰ্বভাৰতীয় ৰাজনৈতিক দল এটা সুস্থিৰভাৱে চলি থাকিবলৈ হ’লে দলটোৰ নেতা-কৰ্মীসকলে দলীয় অনুশাসন মানি চলিবই লাগিব। আমি এই মতত বিশ্বাসী। সেয়ে সুদীৰ্ঘ ৰাজনৈতিক জীৱনত আমি সদায় বিবেকে দিক্ নিৰ্ণয় কৰি দিয়া পথেৰে খোজ দি আহিছো আৰু দ্বিধা, অস্পষ্টতাৰ বিপৰীতে স্পষ্ট মত পোষণ কৰি আহিছো। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈ থাকোতেও দলীয় নীতি-আদৰ্শ আৰু অনুশাসন বজাই ৰখাৰ ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব দিছিলো আৰু এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হোৱাৰ পিছতো একে ধৰণে কাম কৰিবলৈ চেষ্টা কৰিছো। প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈ থাকোতে গ্ৰহণ কৰা দুটামান সিদ্ধান্ত অথবা পদক্ষেপৰ কথা উল্লেখ কৰিলে কথাষাৰ নিশ্চয় স্পষ্ট হ’ব। প্ৰায় ২৫ বছৰৰ পিছত কেতিয়াবা আত্মজীৱনীমূলক লেখা লিখিম আৰু তাত এই সিদ্ধান্ত অথবা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি নিজৰ ভাবমূৰ্তি উজ্জ্বল কৰিম বুলি পৰিকল্পনা কৰি নিশ্চয় সেই সময়ত এই সিদ্ধান্তবোৰ লোৱা নাছিলো।

            যি সময়ত আলফাই কংগ্ৰেছৰ নেতা-কৰ্মীসকলক শত্ৰুজ্ঞান কৰি জধে-মধে গুলীয়াই মাৰিছিল, সেই সময়তে আমি চৰকাৰৰ সৈতে আলফাৰ শান্তি আলোচনাৰ পোষকতা কৰিছিলো আৰু এই আলোচনাৰ স্বাৰ্থত আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছিলো। অসমখনক আৰু অসমীয়া মানুহখিনিক অন্তৰেৰে ভাল পাওঁ আৰু অসমীয়া মানুহৰ তেজেৰে জননীৰ সেউজীয়া বুকু ৰাঙলী হোৱাটো নিবিচাৰো বাবেই আমি আমাৰ অন্যায় কৰা সত্ত্বেও আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী তুলিছিলো আৰু শান্তি আলোচনাৰ পোষকতা কৰিছিলো। কংগ্ৰেছী হ’লেই মানুহৰ মনত জাতীয়তাবোধ নাথাকিব বুলি ভবাটো ভুল।

            প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে এবাৰ শিলচৰলৈ গৈছিলো। সেই ভ্ৰমণকালতে অসহযোগিতাৰ বাবে যেতিয়া কাছাৰৰ যুৱ কংগ্ৰেছৰ জিলা সভাপতিজনক অপসাৰণ কৰাৰ সিদ্ধান্ত ল’লো, তেতিয়া সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৰাকৰ শক্তিশালী কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱ আৰু হাইলাকান্দিৰ কংগ্ৰেছ বিধায়ক গৌতম ৰয় জাঙুৰ খাই উঠিল। তেওঁলোকে আমাক প্ৰত্যাহ্বান জনাই ঘোষণা কৰিলে যে যদি যুৱ কংগ্ৰেছৰ সেই জিলা সভাপতিজনক অপসাৰণ কৰা হয় তেনেহ’লে আমাক শিলচৰতে আবদ্ধ কৰি ৰাখিব। তেনে ধৰণৰ হুমকিত পিছ হুঁহকি অহা মানুহ আমি তাহানিও নাছিলো আৰু আজিও নহয়। সেয়ে ভয়ত কম্পমান হোৱাৰ সলনি আমি আৱৰ্ত ভৱনলৈ গৈছিলো আৰু তেওঁলোকক পোনপটীয়াভাৱে  প্ৰশ্ন কৰিছিলো---- “যুৱ কংগ্ৰেছৰ সাংগঠনিক দিশত হস্তক্ষেপ কৰিবলৈ আপোনালোক কোন ? যুৱ কংগ্ৰেছলৈ আপোনালোকৰ অৱদান কি? লগতে “কাইলৈৰ ভিতৰতে যুৱ কংগ্ৰেছৰ জিলা সভাপতিগৰাকীক অপসাৰণ কৰি আছো বুলি” কৈ তেওঁলোকক ওলোটাই প্ৰত্যাহ্বান জনাইছিলো। পিছদিনা কথামতেই যুৱ কংগ্ৰেছৰ সেই জিলা সভাপতিগৰাকীক অপসাৰণ কৰি পাৰ্থ চক্ৰৱৰ্তীক তেওঁৰ স্থলাভিষিক্ত কৰিছিলো। কাছাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত সভা পাতি, প্ৰেছৰ সন্মুখত নতুন সভাপতিৰ নাম ঘোষণা কৰিছিলো। আমি আপোছৰ মনোভাবেৰে আৰু কাৰোবাৰ চাপত কাম নকৰাৰ বাবে কিছু নেতাৰ অপ্ৰিয় হৈছিলো যদিও তাক লৈ আমাৰ কোনো আক্ষেপ নাছিল।

            যোৰহাটতো অনুৰূপ ঘটনা এটা ঘটিছিল। সেই সময়ত যোৰহাট যুৱ কংগ্ৰেছৰ সভাপতি আছিল প্ৰাক্তন সাংসদ, বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি তথা মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ ভাতৃ দীপ গগৈ। আমি আলফাৰ হত্যালীলাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ তৰফৰপৰা যোৰহাটত এক প্ৰতিবাদী সমদল উলিয়াবলৈ দীপ গগৈক কৈছিলো যদিও তেওঁ এই ক্ষেত্ৰত অপাৰগতা প্ৰকাশ কৰিছিল। সহজ-সৰল দীপ গগৈয়ে নব্বৈৰ সেই ভয়াৱহ সময়ত আলফাৰ বিৰুদ্ধে সমদল উলিয়াবলৈ সাহ কৰা নাছিল। আমি নিজে আগভাগ লৈ চাৰিজন মুক্তিযোদ্ধাক সন্মুখত ৰাখি প্ৰায় তিনিশমান মানুহৰ এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিলো। এই সমদলত দীপ গগৈয়েও অংশ লৈছিল যদিও আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দীপ গগৈক যুৱ কংগ্ৰেছৰ জিলা সভাপতি পদৰপৰা অপসাৰণ কৰিছিলো। সেই সময়ত দীপ গগৈৰ জ্যেষ্ঠ ভাতৃ তৰুণ গগৈদেৱ আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি। আমাক বহুতেই এই বুলি কৈছিল যে দীপ গগৈক অপসাৰণ কৰিলে তৰুণ গগৈদেৱ অসন্তুষ্ট হ’ব আৰু ই আমাৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব। আমি পিছে কথাটো তেনেকৈ ভবা নাছিলো। পৰৱৰ্তী সময়ত তৰুণ গগৈদেৱে বহল মনৰেই পৰিচয় দিছিল যদিও সেয়া এটা Political risk নাছিল বুলি ক’ব নোৱাৰি।

মাহেকীয়া অনুভূতি

July 5, 2015

 মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী অঞ্জন দত্তই ১৯৭২ চনত,ছাত্ৰাৱস্থাতে 'অনুভূতি' নামৰ এখন আলোচনী সম্পাদনাকৰিছিল আৰু সুদীৰ্ঘ ১০ বছৰতকৈও অধিক কাল প্ৰকাশ পোৱাৰ পিছত এদিন সময়ৰ দাবীত সেই বিনোদনধৰ্মী আলোচনীখনৰ প্ৰকাশ বন্ধ হৈছিল৷জীৱনৰ স্বাভাৱিক গতিয়ে আনি দিয়া পৰিৱৰ্তন স্বীকাৰ কৰি তেওঁ প্ৰথমে ব্যৱসায় আৰু পাছলৈ ৰাজনীতিত ওতপ্ৰোতভাৱে জড়িত হয় ১৯৯১ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা দত্তই ২০০১ চনত পুনৰ বিধান সভালৈ নিৰ্বাচিত হয় আৰু সফল মন্ত্ৰী হিচাপে সকলোৰে স্বীকৃতি লাভ কৰে যদিও ২০০৬চনৰ অসম বিধান সভানিৰ্বাচনত অপ্ৰত্যাশিতপৰাজয়বৰণ কৰে আৰু আজিৰ দৈনিক বাতৰি স্বত্ত্বাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে ২০০৭ চনৰ আৰম্ভণিৰেপৰা তেওঁকাকতখনৰ দেওবৰীয়া পৰিপূৰিকাখন দেওবৰীয়া অনুভূতিনাম দি নতুন ৰূপত সম্পাদনা কৰিবলৈ লয়।নক'লেও ' যে অনুভূতি নামটো তাহানিৰ অনুভূতি আলোচনী খনৰপৰা লোৱা যাত্ৰা পথত কিছু জিৰণি লোৱাৰ পাছত তাহানিৰ অনুভূতিয়েই পুনৰ নতুন ৰূপত আত্মপ্ৰকাশ কৰিলে ব্যতিক্ৰমী চিন্তাৰে প্ৰতিটো সংখ্যাকে বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি দেওবৰীয়া অনুভূতি জাকত-জিলিকা কৰি তুলিবলৈ সক্ষম হৈছিল সম্পাদক অঞ্জন দত্ত ইপিনে দেওবৰীয়া অনুভূতিয়ে সফলতাৰে ছবছৰ সম্পূৰ্ণ কৰাৰ পাছত ২০১৩ চনৰ এপ্ৰিলৰপৰা পৰিপূৰিকাখনক পূৰ্ণাংগ আলোচনীৰ ৰূপ দিয়া হয় বৰ্তমান মাহেকীয়া অনুভূতি নিয়মীয়াকৈ প্ৰকাশ পাই আছে আৰু আলোচনীখন প্ৰকাশৰ দায়িত্ব মূৰ পাতি লৈছে ভৱানী অফছেট প্ৰাইভেট লিমিটেডে